ETV Bharat / state

গৰুৰ বিহুত 101 এবিধ শাক কিয় খোৱা হয় জানেনে ? - RONGALI BIHU 2024

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 7:31 AM IST

Updated : Apr 13, 2024, 9:11 AM IST

Rangali Bihu 2024
গৰুৰ বিহুত 101 এবিধ শাকৰ কিয় খোৱা হয় জানানে ?

101 leafy greens : ৰঙালীৰ ৰঙেৰে ৰঙীণ হৈছে চৌপাশ । ঢোল, পেঁপা, গগণাৰ মাতত মুখৰিত হৈ পৰিছে ৰাজ্য । ইয়াৰ লগে লগে আমি যুগ যুগ ধৰি পালন কৰি আহিছো আমাৰ কিছু লোক পৰম্পৰা ৷ ইয়াৰে এক পৰম্পৰা হৈছে গৰুৰ বিহুৰ দিনা 101 বিধ শাক ৷ পিচে এই 101 বিধ শাক কিয় খোৱা হয় জানেনে ? পঢ়ক এই প্ৰতিবেদন...

পদুলিত হেপাঁহৰ ৰঙালী ৷ তিনিটি বিহুৰ অন্যতম আমাৰ চেনেহৰ ৰঙালী বিহু অসমীয়াৰ আয়ুস ৰেখাস্বৰূপ ৷ বসন্ত কালৰ আগমণত ব’হাগ বিহু বা ৰঙালী বিহু উদযাপন কৰা হয় ৷ ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলি কোৱা হয় ৷ ব’হাগ বা ৰঙালী বিহু সাতদিন ধৰি উদযাপন কৰা হয় ৷

চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি ব’হাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি বিহু উদযাপন কৰা হয় ৷ ইয়াক “সাত বিহু” বুলিও জনা যায় ৷ চ’তৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমাৎ মানুহ বিহু, গোসাঁই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে বহাগ বিহুৰ সামৰণি পৰে ৷ ব’হাগৰ বিহুত মাহ-হালধীৰে গা ধোৱা, গৰু গা ধুওৱাকে ধৰি অসমীয়া সমাজ জীৱনৰ কিছুমান এৰাব নোৱাৰা লোক পৰম্পৰা থাকে ৷

ব’হাগ বিহুত পালন কৰি অহা এনে বিভিন্ন লোক পৰম্পৰাৰ ভিতৰত অন্যতম হৈছে এশ এবিধ শাক খোৱা পৰম্পৰা ৷ অসমত পুৰণি কালৰ পৰা গৰু বিহুৰ দিনা ১০১ বিধ শাক-পাচলি খোৱাৰ পৰম্পৰা চলি আহিছে ৷ এই শাক-পাচলিৰ ভাজিখন খাবলৈ সোৱাদযুক্ত হোৱাৰ উপৰিও আমাৰ গোটেই বছৰটোৰ কাৰণে বিভিন্ন বেমাৰ-এজাৰৰ পৰা হাত সৰাত সহায় কৰে বুলি কয় ৷ ই স্বাস্থ্যৰ পক্ষে অতি লাভজনক ৷ গৰুৰ বিহুৰ দিনা এই 101 বিধ শাক খোৱা হয় ৷

অৱশ্যে বৰ্তমান সময়ত চহৰ অঞ্চলত আজিকালি 101 বিধ শাক-পাত পোৱা নাযায় বাবে কিছুলোকে পৰম্পৰা ধৰি ৰাখি সাতবিধ শাকেৰে ‘সাতশাকী’, আকৌ কোনোৱে বিযোৰ সংখ্যাত যিমানেই শাক সংগ্ৰহ কৰিব পাৰে সিমান প্ৰকাৰৰ শাক সংগ্ৰহ কৰি ৰাতিৰ সাঁজত খায় ৷

এই 101 বিধ শাকৰ নামৰ লগতে গুণাগুণসমূহ জানো আহক

1) সৰু মানিমুনি – স্মৰণ শক্তি বৰ্দ্ধক, গ্ৰহণী নাশক ।

2) বৰ মানিমুনি – পেটৰ ৰোগ নাশক, স্নায়ু সবল কাৰক ।

3) মচন্দৰী – গ্ৰহণী নাশক, জ্বৰ, নিউমোনিয়া ৰোগত উপকাৰী ।

4) নৰসিংহ – চকুৰ দৃষ্টিশক্তি বৰ্দ্ধক, পেটৰ বিষ নাশক ।

5) তিতা ভেঁকুৰী – ক্ৰিমি নাশক, তেজ পৰিষ্কাৰক, হাঁইফাই নাশক ।

6) পনৌনৌৱা – ৰক্তবৃদ্ধি কাৰক, শোথনাশক, ঘাঁ শুকুৱায় ।

7) ভেদাইলতা – শক্তিদায়ক, বাত, গ্ৰহণী নাশক ।

8) ঢেঁকীয়া – পেট পৰিষ্কাৰক, ৰক্তবৰ্দ্ধক, শুক্ৰবৰ্দ্ধক ।

9) তিতামৰা – ক্ৰিমি, পেলু, বহুমূত্ৰ, জ্বৰ নাশক ।

10) টেঙেচি – স্মৰণ শক্তি বৃদ্ধিকাৰক, গ্ৰহণী নাশক ।

11) চজিনা – কুকুৰীকণা প্ৰতিৰোধক, বায়ুনাশক ।

12) কালমেঘ – যকৃত শক্তি দায়ক, মেলেৰীয়া, বহুমূত্ৰ নাশক, ৰক্ত পৰিষ্কাৰক।

13) জিলমিল – ভোক বৃদ্ধি কাৰক, বায়ু, পিত্ত, ক্ৰিমি নাশক ।

14) কচুঠুৰি – ৰক্তবৰ্দ্ধক, তেজ পৰিষ্কাৰক, শুক্ৰবৰ্দ্ধক ।

15) কলমৌ শাক – স্তনত গাখীৰ বৃদ্ধি কৰে, শুক্ৰবৰ্দ্ধক ।

16) কেহৰাজ – চুলি ক’লা কৰে, জণ্ডিচত উপকাৰী ।

17) খুতুৰা শাক – ভোক লগায়, পিত্ত, কফ, বিষ নাশক ।

18) কাটা খুতুৰা – গ্ৰহণী আৰু বিষ নাশক ।

19) গাজৰ – কৰ্কট ৰোগ প্ৰতিৰোধক, কুকুৰীকণা ৰোগীৰ সুপথ্য, শুক্ৰ বৰ্দ্ধক ।

20) লাইজাবৰি – কফ নাশক, চাইনাচাইটিচত উপকাৰী ।

21) শুকলতি – গ্ৰহণী, প্ৰসূতি ৰোগ নাশক, গাঁঠিৰ বিষ উপশম কৰে ।

22) দহিকচু – ফিটাপেলু নাশক, কোষ্ঠকাঠিন্য নাশক ।

23) ওলকচু – কেঁচুমূৰীয়া, সঞ্চিতগ্ৰহণী নাশক ।

24) টিকনিবৰুৱা – শক্তিদায়ক ।

25) ধনিয়া পাত– চকুৰ দৃষ্টিশক্তি বৰ্দ্ধক, প্ৰজনন শক্তি বৃদ্ধিকাৰক, যক্ষ্মা, দন্তক্ষয়, পেটৰ শব্দ নাশক ।

26) চুকাশাক – বায়ু নাশক ।

27) দোৰোণবন – বাতশ্লেষ্মা নাশক, হজমী কাৰক, অৰ্শ, শোথৰ সুপথ্য ।

28) নেফাফু – উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত ।

29) পদিনা – গাৰ দুৰ্গন্ধ নাশক, ৰক্ত বৃদ্ধি কাৰক, পেটৰ বিষ নাশক, বাধক বেদনা নাশক ।

30) পুৰৈ শাক – পুষ্টিকৰ, কুকুৰীকণা নাশক, এলাৰ্জিত উপকাৰী, স্মৃতি শক্তি বৰ্দ্ধক ।

31) পালেং শাক – ৰক্ত, পিত্ত, বিষ দোষ নাশক, শিশুৰ পয়াঁলগা ৰোগ ভাল কৰে, ছাল নিমজ কৰে ।

32) পাতেগজা – প্ৰস্ৰাৱৰ ৰোগ নাশক, বৃক্কৰ পাথৰ নাশক, জণ্ডিচ ৰোগৰ সুপথ্য ।

33) পানী টেঙেচি – ত্ৰিদোষ নাশক, অগ্নিবৰ্দ্ধক, নিদ্ৰাকাৰক, গ্ৰহণী ৰোগত উপকাৰী ।

34) ব্ৰাহ্মী শাক – স্মৰণ শক্তি বৃদ্ধিকাৰক, মৃগী ৰোগ নাশক, মাত পৰিষ্কাৰ কৰে, বায়ু সবল কৰে ।

35) বাহক তিতা – কফ বাহিৰ কৰে, যক্ষ্মাৰোগ নাশক, প্ৰমেহ, কুষ্ঠ নাশক ।

36) ভাঙৰ পাত – ভোক লগায়, কামভাৱ জাগৃত কৰে, নিদ্ৰাজনক ।

36) মহাভৃংগৰাজ – চুলিৰ টনিক, পাণ্ডুৰোগ নাশক ।

37) মটৰ মাহ – স্তনত গাখীৰ বৃদ্ধি কৰে ।

39) মহানিম – তেজ পৰিষ্কাৰক, মেলেৰীয়া, বহুমূত্ৰ ৰোগ নাশক, বীজাণু আৰু কীটাণু নাশ কৰিব পাৰে ।

40) মেথিশাক – বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰক, মাজু আইত উপকাৰী ।

41) মাটিকাঁদুৰি – পেটৰ ৰোগৰ কাৰণে উপকাৰী ।

42) মূলা – পাথৰি ৰোগৰ কাৰণে উপকাৰী ।

43) মালভোগ শাক – পিত্তৰোগ নাশক, অগ্নিবৰ্দ্ধক, অৰ্শ নাশক ।

44) মৰিচা শাক – স্মৰণ শক্তি বৰ্দ্ধক, শৌচ স্বাভাৱিক কৰে, কৰ্কট ৰোগৰ পথ্য ।

45) মানকচু – ৰক্ত পিত্ত আৰু শোথ নাশক ।

46) সৰিয়হ শাক – বায়ু, পিত্ত, কফ নাশক, চকুৰ কাৰণে উপকাৰী ।

47) কাচকল – ক্ৰিমি, গ্ৰহণী নাশক, ৰক্তবৰ্দ্ধক ।

48) বনজালুক – ছালৰ ৰোগ, পেটৰ ৰোগ নাশক ।

49) টেঙামৰা – গ্ৰহণী নাশক ।

50) তিতাফুল – হাঁইফাই, পেলুনাশক, তেজ বৰ্দ্ধক ।

51) চেংমৰা - কেঁচুমূৰীয়া নাশক, প্ৰসূতি ৰোগ নাশক ।

52) মধুসোলেং – গ্ৰহণী আৰু পেটৰ ৰোগ নাশক ।

53) তিতা কেৰেলা – ৰক্ত পৰিষ্কাৰক, বহুমুত্ৰ ৰোগ নিয়ন্ত্ৰক, ৰক্তবৰ্দ্ধক, খজুৱতি নাশক ।

54) কপৌঢেঁকীয়া – শক্তিদায়ক ।

55) বেতগাজ – ক্ৰিমি নাশক, ৰক্তবৰ্দ্ধক ।

56) তেজপাত –সুগন্ধিদায়ক, হৃদযন্ত্ৰ শক্তি দায়ক ।

57) তিঁয়হ – পিত্ত পাথৰি ৰোগ নাশক, চকু উজ্জ্বল কৰে ।

58) চিৰতা – মেলেৰিয়া, বহুমূত্ৰ, তেজৰ ৰোগ নাশক ।

59) কেঁচা জলকীয়া – স্মৰণ শক্তি বৰ্দ্ধক, ডিঙি, মুখ, খাদ্যনলীৰ বীজাণু নাশক, চকুৰ কাৰণে উপকাৰী।

60) কালজিৰা – গৰ্ভাশয় ৰোগত উপকাৰী,

61) উৰহী – শুক্ৰকাৰক, বলকাৰক।

62) পচলা – শৌচ স্বাভাৱিক কৰে, যক্ষ্মাৰোগ নাশক।

63) কঁঠাল – বলকাৰক, গুটি – শুক্ৰবৰ্দ্ধক।

64) অমিতা – হজম কাৰক, যকৃত টনিক, কৰ্কটৰোগ, কুকুৰীকণা নাশক, পেটৰ ঘাঁ শুকুৱায়।

65) ৰঙালাউ – চকুৰ দৃষ্টি শক্তি বৰ্দ্ধক, দাঁত মজবুত কৰে, গুটিয়ে শুক্ৰ বৃদ্ধি কৰে ।

66) মৰলীয়া – পেট পৰিষ্কাৰক, পেটৰ ঘা, বদহজম, গ্ৰহণী, অনিদ্ৰা নাশক, বুদ্ধিকাৰক, মেদ নিবাৰিত কৰে।

67) বাবৰিশাক – ক্ৰিমি নাশক, ছালৰ কমনীয়তা বৰ্দ্ধক, বীৰ্যবৰ্দ্ধক, চকুৰ বাবে উপকাৰী ।

68) হেলচি শাক – স্নায়ু সবল কৰে, গনোৰিয়া, চিফিলিচ ৰোগৰ পথ্য, শুক্ৰ গাঢ় কৰে ।

69) শুহনিবন – জিভাৰ আৰু মুখৰ ভিতৰত ঘা নাশক, কফ বাহিৰ কৰে ।

70) তিতাফুল – মেলেৰিয়া, কলাজ্বৰ, ক্ৰিমি, অৰুচি নাশক, বাতবিষত উপকাৰী, জণ্ডিচত সুপথ্য ।

71) মোৱা আলু – মহিলাৰ স্তনত গাখীৰ বৃদ্ধি কৰে ।

72) বকফুল – ক্ৰিমি, ৰক্ত পিত্ত নাশক, স্মৰণ শক্তি বৰ্দ্ধক, মৃগী ৰোগীৰ সুপথ্য ।

73) ভাতকেৰেলা – পুষ্টিকাৰক ।

74) আদা – হজমিকাৰক, কাহ, বমি, বীজাণু নাশক ।

75) হালধি – কৰ্কট ৰোগ প্ৰতিৰোধক, তেজ পৰিষ্কাৰক, বিসনাশক, পিত্ত, এলাৰ্জি নাশক ।

76) ভূতমলা – পালজ্বৰ নাশক ।

77) ফুটকলা – মুখৰ ভিতৰৰ ঘাঁ শুকায়, ৰক্তবৰ্দ্ধক(ফল), গ্ৰহণী নাশক ।

78) জেতুলীপকা – ৰক্তবৰ্দ্ধক ।

79) কলডিল – ৰক্ত বৃদ্ধিকাৰক, নিম্ন ৰক্তচাপৰ সুপথ্য ।

80) বিলাহী – তেজবৰ্দ্ধক, ছাল নিমজ কাৰক ।

81) চয়াবিন– যকৃতৰ টনিক, পিত্ত, কৰ্কট ৰোগ প্ৰতিৰোধক ।

82) নহৰু– মহৌষধি, বীজাণুনাশক, স্নায়ুসবল কাৰক, হজমিকাৰক, বহুমূত্ৰ ৰোগত উপকাৰী ।

83) পিয়াঁজ– মুখৰ আৰু খাদ্যনলীৰ বীজাণুনাশক, ৰক্তবৰ্দ্ধক, যক্ষ্মাৰোগৰ বীজাণু নাশক, শুক্ৰবৰ্দ্ধক ।

84) জালুক– বীজাণু নাশক, গা বিষ নাশক ।

85) ৰঙাআলু– ৰক্তবৰ্দ্ধক, শুক্ৰবৰ্দ্ধক ।

86) আলু– পুষ্টিকাৰক, জুইয়ে পোৰা ঘাঁ শুকুৱায় ।

87) পানীলাউ– পুষ্টিকৰ, শুক্ৰবৰ্দ্ধক ।

88) ৰঙা মৰিচা– স্মৰণ শক্তি বৰ্দ্ধক, কোষ্ঠকাঠিন্য নাশক ।

89) ভোট জলকীয়া– পেটৰ ঘাঁ নাশক, বীজাণু নাশক ।

90) কাজিনেমু– ছাল নিমজ কৰে, খাদ্য হজম কৰে, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰক ।

91) শেৱালি ফুল– ক্ৰিমি নাশক, জ্বৰ নাশক ।

92) বেঙেনা– ৰক্তবৰ্দ্ধক ।

93) জিকা – পুষ্টিকৰ, গুটি চাইনাচাইটিচ নাশক ।

94) ভোল – পুষ্টিকাৰক ।

95) ফেচবিন – শৰীৰ বাঢ়নত সহায় কৰে ।

96) ভেন্দি – পুষ্টিকৰ, বগাস্ৰাৱ নাশক ।

97) মানধনিয়া – হজমিকাৰক, সুগন্ধিদায়ক, ৰুচিকৰ ।

98) লেচেৰামাহ – পুষ্টিকৰ খাদ্য ।

99) হাতীভেঁকুৰি – ৰক্ত পৰিষ্কাৰক, পেটৰ ৰোগৰ সুপথ্য ।

100) ভুঁই আমলখি – জণ্ডিচ ৰোগ নাশক, যকৃত শক্তিশালী কৰে ।

101) ধঁপাত তিতা – ক্ৰিমি নাশক, মেলেৰিয়া জ্বৰ নাশক ।

উৎস (বিকাশপেডিয়া)

লগতে পঢ়ক: ঢোলৰ শব্দত কঁপিছে ছয়গাঁও

Last Updated :Apr 13, 2024, 9:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.