ঢোলৰ শব্দত কঁপিছে ছয়গাঁও

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 11:14 AM IST

thumbnail

মিৰ্জা, ১৭ মাৰ্চ : চ'তে দিছে ব'হাগ অহাৰ জাননী । ব'হাগ মানেই ৰঙালী বিহু । ৰঙালী বিহু মানেই বিহুনাচ । ৰঙালী বিহুলৈ আৰু বেছিদিন নাই ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালীক আদৰিবলৈ সাজু হৈছে বিভিন্ন উদযাপন সমিতিসমূহ ৷ ৰঙালী বিহুৰ মঞ্চত গীত পৰিৱেশন কৰাৰ বাবে সাজু হৈছে অসমৰ শিল্পীসকলো ৷ ইয়াৰ সমান্তৰালকৈ বিহুৱা দলসমূহেও আৰম্ভ কৰিছে বিহুৰ আখৰা ৷ আগন্তুক বিহুৰ বাবে বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালা ।  

বিগত চাৰি বছৰ ধৰি দক্ষিণ কামৰূপৰ ছয়গাঁৱত বিহু আৰু ঢোলৰ কৰ্মশালা অনুষ্ঠিত কৰা ছয়গাঁৱৰ এটি অনুষ্ঠানে এইবছৰো অনুষ্ঠিত কৰিছে বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালা ৷ কলহীপাৰৰ ৰাংঢালী বিহুৱা দলৰ আৰু চিফুং প্ৰডাকচনৰ সহযোগত বিগত ১০ মাৰ্চৰ পৰা ছয়গাঁও চৰকাৰী মজলীয়া খেল পথাৰত চলি আছে দহদিনীয়া এই কৰ্মশালা । উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰিছে মুঠ ২৬৭ গৰাকী প্ৰশিক্ষাৰ্থীয়ে ৷ ইয়াৰ ভিতৰত ২০৬ গৰাকীয়ে বিহু নাচৰ প্ৰশিক্ষণ লোৱাৰ বিপৰীতে ৬১ গৰাকীয়ে ঢোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে ৷ উক্ত কৰ্মশালাখনি অহা ১৮ মাৰ্চত সমাপ্ত হ'ব ৷ 

লগতে পঢ়ক: Bihu Dance Workshop At Chandmari: মহানগৰীত ১২ দিনীয়া বিহু নাচৰ কৰ্মশালাৰ সামৰণি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.