ঢোলৰ শব্দত কঁপিছে ছয়গাঁও - Rongali Bihu Preparation In Assam

🎬 Watch Now: Feature Video

thumbnail
ঢোলৰ শব্দত কঁপিছে ছয়গাঁও (undefined)

By ETV Bharat Assamese Team

Published : March 17, 2024 at 11:14 AM IST

1 Min Read
Choose ETV Bharat

মিৰ্জা, ১৭ মাৰ্চ : চ'তে দিছে ব'হাগ অহাৰ জাননী । ব'হাগ মানেই ৰঙালী বিহু । ৰঙালী বিহু মানেই বিহুনাচ । ৰঙালী বিহুলৈ আৰু বেছিদিন নাই ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালীক আদৰিবলৈ সাজু হৈছে বিভিন্ন উদযাপন সমিতিসমূহ ৷ ৰঙালী বিহুৰ মঞ্চত গীত পৰিৱেশন কৰাৰ বাবে সাজু হৈছে অসমৰ শিল্পীসকলো ৷ ইয়াৰ সমান্তৰালকৈ বিহুৱা দলসমূহেও আৰম্ভ কৰিছে বিহুৰ আখৰা ৷ আগন্তুক বিহুৰ বাবে বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালা ।  

বিগত চাৰি বছৰ ধৰি দক্ষিণ কামৰূপৰ ছয়গাঁৱত বিহু আৰু ঢোলৰ কৰ্মশালা অনুষ্ঠিত কৰা ছয়গাঁৱৰ এটি অনুষ্ঠানে এইবছৰো অনুষ্ঠিত কৰিছে বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালা ৷ কলহীপাৰৰ ৰাংঢালী বিহুৱা দলৰ আৰু চিফুং প্ৰডাকচনৰ সহযোগত বিগত ১০ মাৰ্চৰ পৰা ছয়গাঁও চৰকাৰী মজলীয়া খেল পথাৰত চলি আছে দহদিনীয়া এই কৰ্মশালা । উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰিছে মুঠ ২৬৭ গৰাকী প্ৰশিক্ষাৰ্থীয়ে ৷ ইয়াৰ ভিতৰত ২০৬ গৰাকীয়ে বিহু নাচৰ প্ৰশিক্ষণ লোৱাৰ বিপৰীতে ৬১ গৰাকীয়ে ঢোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে ৷ উক্ত কৰ্মশালাখনি অহা ১৮ মাৰ্চত সমাপ্ত হ'ব ৷ 

লগতে পঢ়ক: Bihu Dance Workshop At Chandmari: মহানগৰীত ১২ দিনীয়া বিহু নাচৰ কৰ্মশালাৰ সামৰণি

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details