অসম

assam

যোৰহাট আৰু টীয়ক বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 7:47 PM IST

Final electoral rolls : সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাৰ অন্তৰ্গত ৯৯ নং টীয়ক আৰু ১০০ নং যোৰহাট বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হয় । ৯৯ নং টীয়ক বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১, ৯২, ২০৬ জন আৰু ১০০ নং  যোৰহাট বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৪৬,৭৩১ জন ।

Final electoral rolls
যোৰহাট আৰু টীয়ক বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

যোৰহাট আৰু টীয়ক বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

যোৰহাট, ৮ ফেব্ৰুৱাৰী:ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশমর্মে সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাৰ অন্তৰ্গত ৯৯ নং টীয়ক আৰু ১০০ নং যোৰহাট বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হয় । বৃহস্পতিবাৰে বিয়লি এই সন্দৰ্ভত এক সংবাদমেলযোগে উল্লেখ কৰে যোৰহাট জিলা আয়ুক্ত পুলক মহন্তই । যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজন কৰা সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে কয় যে, ৯৯ নং টীয়ক বিধানসভা সমষ্টিৰ ১৮৩ টা অৱস্থানৰ (PS Location) মুঠ ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা ২৪২ টা আৰু মুঠ ভোটাৰৰ সংখ্যা ১, ৯২, ২০৬ জন । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯৪, ৫৪৫, মহিলা ভোটাৰৰ সংখ্যা ৯৭,৬৬১ আৰু তৃতীয় লিংগ ভোটাৰৰ সংখ্যা শূন্য।

১০০ নং যোৰহাট বিধানসভা সমষ্টিৰ ১০১ টা অৱস্থানৰ (PS Location) মুঠ ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা ১৭৬ টা আৰু মুঠ ভোটাৰৰ সংখ্যা ১,৪৬,৭৩১ জন । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৭০, ৮৯৪, মহিলা ভোটাৰৰ সংখ্যা ৭৫, ৮৩৭ আৰু তৃতীয় লিংগ ভোটাৰৰ সংখ্যা শূন্য । উল্লেখ্য যে, যোৱা ২০২৩ বৰ্ষৰ ৮ ডিচেম্বত এই তালিকাৰ খচৰা প্ৰকাশ কৰা হৈছিল ।

এই খচৰা অনুসৰি ৯৯ নং টীয়ক বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ১,১৪, ২৭১ ৷ ইয়াৰে পুৰুষ ভোটাৰ আছিল ৯৫,৮১৫, মহিলা ভোটাৰ ৯৮,৪৫৬ আৰু তৃতীয় লিংগ ভোটাৰৰ সংখ্যা আছিল শূন্য। লগতে ১০০ নং যোৰহাট বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ১,৪৬, ৮১৭ ৷ ইয়াৰে পুৰুষ ভোটাৰ আছিল ৭১,৪২৩, মহিলা ভোটাৰ আছিল ৭৫,৩৯৪ আৰু তৃতীয় লিংগ ভোটাৰৰ সংখ্যা আছিল শূন্য।

এই খচৰা তালিকা প্রকাশৰ পিচৰে পৰা, যোৱা ৮ জানুৱাৰী তাৰিখলৈকে বিশেষ সংক্ষিপ্ত সংশোধনী-২০২৪" প্রক্রিয়া অব্যাহত থাকে আৰু এই প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি বহুতো সজাগতামূলক কার্য্যসূচী গ্রহণ কৰা হৈছিল ৷ বিশেষভাৱে যুৱ ভোটাৰ সকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে স্কুল-কলেজসমূহত বিশেষ সজাগতা শিবিৰ আয়োজন কৰা হয় । যাৰ ফলস্বৰূপে এই সংশোধনী প্রক্রিয়াত প্রায় সকলো ৰাইজে অনলাইন ও অফলাইন যোগে অংশগ্রহণ কৰে। এই "বিশেষ সংক্ষিপ্ত সংশোধনী-২০২৪" প্রক্রিয়াত প্র-পত্র নং ৬ ৰ জৰিয়তে নতুন নাম অন্তর্ভুক্তি, প্ৰ-পত্র নং ৭ ৰ জৰিয়তে নাম কর্তন তথা প্র-পত্র নং ৮ ৰ জৰিয়তে শুধৰণি তথা বদলিকৰণৰ বাবে আবেদন কৰা হৈছিল । এইবাৰ জিলাখনৰ দুয়োটি সমষ্টিৰ বাবে অনলাইন তথা অফলাইন যোগে মুঠ ৩২,০৬৬ খন প্র-পত্র লাভ কৰা হয় (প্র-পত্র নং ৬ ৰ সংখ্যা ১০,৭১৩, প্র-পত্র নং ৭ ৰ সংখ্যা ১৫,৫২০ আৰু প্ৰ-পত্র নং ৮ ৰ সংখ্যা ৫,৮৩৩) তাৰে মুঠ ৩০,১০১ খন প্র-পত্র বৈধ হিচাপে গ্রহণ কৰা হয়।

এনেদৰেই জিলাখনত এইবাৰ মুঠ ১০,১৬৪ (৯৯ টীয়ক সমষ্টিত ৫,৬৫৫ আৰু ১০০ যোৰহাট সমষ্টিত ৪,৫০৯) জন নতুন ভোটাৰৰ নাম সন্নিৱিষ্ট হোৱাৰ লগতে ১৪,৭৮১ (১৯ নং টীয়ক সমষ্টিত ৮,৮৩৯ আৰু ১০০ নং যোৰহাট সমষ্টিত ৫,৯৪২) জন মৃত, অনুপস্থিত আৰু ইতিমধ্যে অন্তর্ভুক্ত ভোটাৰৰ নাম কর্তন হয়। ৯৯ নং টীয়ক বিধানসভা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা ১,২৭০ জন হ্রাস পোৱাৰ লগতে মহিলা ভোটাৰৰ সংখ্যা ৭৯৫ গৰাকী হ্রাস পায় ৷

ইয়াৰোপৰি ১০০ নং যোৰহাট বিধানসভা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা ৫২৯ জন হ্রাস পোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৪৪৩ গৰাকী বৃদ্ধি পায়। আনহাতে টীয়ক আৰু যোৰহাট বিধানসভা সমষ্টিৰ পৰা মুঠ ৯,২৭১ গৰাকীৰ নাম কৰ্তন কৰা হৈছে। সেই অনুসৰি যোৰহাট বিধানসভা সমষ্টিৰ পৰা ৪,০৩৫ গৰাকী আৰু টীয়ক বিধানসভা সমষ্টিৰ পৰা ৫, ২৩৬ গৰাকী মৃত ব্যক্তিৰ নাম কৰ্তন কৰা হৈছে ৷

লগতে পঢ়ক:মাতৃভাষা মাধ্যম বিতৰ্ক: সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী, নলবাৰী, মৰিগাঁৱত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details