ETV Bharat / state

মাতৃভাষা মাধ্যম বিতৰ্ক: সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী, নলবাৰী, মৰিগাঁৱত আছুৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 7:30 PM IST

AASU stage protest in Guwahati
গুৱাহাটী, নলবাৰী, মৰিগাঁৱত আছুৰ প্ৰতিবাদ

AASU Protest at Guwahati: মাতৃভাষা মাধ্যমৰ পৰিৱৰ্তে অসম চৰকাৰৰ কেবিনেটে শেহতীয়াভাৱে গ্ৰহণ কৰা ইংৰাজী মাধ্যমৰ সিদ্ধান্তৰ বিৰুদ্ধে আছুৱে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । একেদৰে কামৰূপ মহানগৰ ছাত্ৰ সন্থা, নলবাৰী জিলা ছাত্ৰ সন্থা আৰু মৰিগাঁও জিলা আছুৱেও ১৩ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ।

গুৱাহাটী, নলবাৰী, মৰিগাঁৱত আছুৰ প্ৰতিবাদ

গুৱাহাটী-নলবাৰী-মৰিগাঁও, 7 ফেব্ৰুৱাৰী : মাতৃভাষা মাধ্যম সন্দৰ্ভত অসম চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ গ্ৰহণ কৰা সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই ১৩ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাই দীঘলীপুখুৰীৰ পাৰত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ।

উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাই মাতৃভাষা মাধ্যম সন্দৰ্ভত অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যজুৰি ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । ২৪ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত ২৭ জানুৱাৰীত চাইকেল সমদল, ১ ফেব্ৰুৱাৰীত প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ সমদল, ৫ ফেব্ৰুৱাৰীত শিক্ষা মন্ত্ৰীৰ প্ৰতিকৃতি দাহৰ লগতে ফেব্ৰুৱাৰীৰ শেষত গুৱাহাটীত নাগৰিক সভা, মাৰ্চ মাহৰ শেষত গুৱাহাটীত অনুষ্ঠিত হ'ব বিশাল প্ৰতিবাদী সমাবেশ ।

আনহাতে, বুধবাৰে মাতৃভাষা মাধ্যম উঠাই দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে নলবাৰী জিলা আছুৱেও ১৩ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে । নলবাৰীৰ শ্বহীদ ভৱনৰ বাকৰিত পুৱা ৬ বজাৰ পৰা এই অনশনত কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলাখন আছু নেতা-কৰ্মীসকলে ৷

একেদৰে অসম চৰকাৰৰ মাতৃ ভাষাবিৰোধী কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বিৰুদ্ধে মৰিগাঁৱতো জিলা ছাত্ৰ সন্থাই ১৩ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়ত মাতৃভাষা মাধ্যমৰ সলনি ইংৰাজী মাধ্যমত শিক্ষাদানৰ সিদ্ধান্তৰ বিৰুদ্ধে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

ইয়াৰ অংশৰূপে মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহত অনশন কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি জিলা আছুৰ সভাপতিয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষা নীতিত সকলো ধৰণৰ মাতৃভাষাৰ জৰিয়তে অভিযান্ত্ৰিক আৰু চিকিৎসা মহাবিদ্যালয়সমূহত থলুৱা ভাষাত ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ কথা ঘোষণা কৰিছে ।

তাৰ বিপৰীতে জাতি, মাটি, ভেটি তথা খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা অসম চৰকাৰে মাতৃভাষাৰ ধ্বংসযজ্ঞ পাতিছে । এয়া অসম আৰু অসমীয়াৰ বিৰোধী । এই কথা ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় বুলিও কয় । লাগিলে তেজ দিম, তথাপিও আইৰ মুখৰ ভাষা নিঃশেষ কৰিবলৈ দিয়া নহ'ব বুলিও হুংকাৰ দিয়ে । মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে লগতে কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ আহবানমৰ্মে অসম চৰকাৰৰ মাতৃভাষা-বিৰোধী অভিযান অব্যাহত আছে আৰু পৰৱৰ্তীকালত ছাত্ৰ সন্থাই ইয়াতকৈ অধিক পৰিসৰত গণ আন্দোলন গঢ়ি তুলিব ।

লগতে পঢ়ক :মাধ্যম বিতৰ্ক : চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ ১৩ ঘন্টীয়া অনশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.