ETV Bharat / state

মাধ্যম বিতৰ্ক : চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ ১৩ ঘন্টীয়া অনশন

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 1:05 PM IST

AASU burnt Effigy of Ranoj Pegu
ছাত্র সন্থাৰ ধাৰাবাহিক প্ৰতিবাদ

AASU protest in Assam : এফালে ছাত্র সন্থাৰ ধাৰাবাহিক প্ৰতিবাদ আৰু আনফালে চৰকাৰৰ অটল স্থিতি ।শিক্ষা বিভাগে অসমীয়া মাধ্যমত ইংৰাজী ভাষা জাঁপি দিয়াৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তই এনে পৰিৱেশ সৃষ্টি কৰিছে । যাৰ বাবে ছাত্র সন্থাই ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

ছাত্র সন্থাৰ ধাৰাবাহিক প্ৰতিবাদ

লখিমপুৰ, ৭ ফেব্ৰুৱাৰী : মেকুৰীৰ দৰে মূৰ জোকাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । তেওঁৰ নিজা সিদ্ধান্ত একো নাই । কেবিনেটৰ সিদ্ধান্তসমূহ মেকুৰীৰ দৰে মূৰ জোকাৰি তেওঁ সমৰ্থন কৰে । যাৰ বাবে অসমীয়া মাধ্যমৰ ওপৰত মাধমাৰ পৰিছে । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বিৰুদ্ধে লখিমপুৰত বুধবাৰে এনেদৰে ক্ষোভ প্ৰকাশ কৰি তেওঁৰ পুত্তলিকা দাহ কৰে লখিমপুৰ জিলা ছাত্র সন্থাই ।

চৰকাৰে বলপূৰ্বক ইংৰাজী ভাষা জাপি দি অসমীয়া মাধ্যম ধ্বংস কৰিবলৈ বিচৰা কাৰ্য ছাত্র সন্থাই কোনো কাৰণতে মানি নলয় বুলি প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে । চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰা পৰ্যন্ত গণতান্ত্রিকভাৱে ইয়াৰ বিৰুদ্ধে তীব্র প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলিও প্ৰতিবাদকাৰীসকলে চৰকাৰক সকীয়াই দিয়ে ।

চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে ১৩ ঘন্টীয়া অনশনৰ কাৰ্যসূচী লৈ অনশনথলীৰ পৰা শিক্ষামন্ত্ৰীক এনেদৰে ককৰ্থনা কৰে জিলা ছাত্র সন্থাৰ বিষয়ববীয়াসকলে । উল্লেখযোগ্য যে, চৰকাৰৰ অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্র সন্থাই ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

চাইকেল সমদল, অৱস্থান ধৰ্মঘট,প্ৰতিকৃতি দাহ আদি ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ছাত্র সন্থাই গ্ৰহণ কৰি আহিছে যদিও চৰকাৰ নিজৰ সিদ্ধান্তত অটল হৈ আছে । যাৰ বাবে ছাত্র সন্থাই চৰম ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে । যোৱা দুদিনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচত বুধবাৰে পুনৰ ৰাজ্যজুৰি ১৩ ঘন্টীয়া অনশনৰ কাৰ্যসূচী গ্রহণ কৰে ছাত্র সন্থাই ।

ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে লখিমপুৰতো জিলা ছাত্র সন্থাই নগৰৰ খেলমাটিত অনশনৰ কাৰ্যসূচী গ্রহণ কৰে । জিলা ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ক্ষীৰোদ দুৱৰা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পুনম জ্যোতি বুঢ়াগোঁহাই আদিৰ লগতে কেইবাজনো নেতাই এই অনশন কাৰ্যসূচীত অংশগ্রহণ কৰে । জিলা ছাত্র সন্থাৰ বিষয়ববীয়া সকলে অনশনথলীৰ পৰাই অচিৰে চৰকাৰক মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই । অন্যথা ছাত্র সন্থাই পৰৱৰ্তী সময়ত অধিক জংগী আন্দোলনৰ পথ ল'বলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে ।

লখিমপুৰ নগৰৰ মাজমজিয়াৰ লখিমী চাৰিআলিত দুপৰীয়া জিলা ছাত্র সন্থাই চৰকাৰৰ অসমীয়া মাধ্যমবিৰোধী সিদ্ধান্তৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰে । পুত্তলিকা দাহ কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ কাম নাই, ৰণোজ পেগু হুঁচিয়াৰ, ৰণোজ পেগু গ' বেক, ৰণোজ পেগু মুৰ্দাবাদ, শিক্ষা বিভাগ হুঁচিয়াৰ, অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত পৰিহাৰ কৰক আদি শ্ল’গান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

লগতে পঢ়ক : মাধ্যম বিতৰ্ক: লখিমপুৰত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.