ETV Bharat / state

মাধ্যম বিতৰ্ক: লখিমপুৰত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 3:37 PM IST

লখিমপুৰত শিক্ষা মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ
লখিমপুৰত শিক্ষা মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ

AASU Slams Ranoj Pegu : শিক্ষা মন্ত্ৰী ৰণোজ পেগু এজন অকৰ্মণ্য, পুতলা মন্ত্ৰী । কেবিনেটৰ সিদ্ধান্তসমূহ তেওঁ কেৱল পুতলাৰ দৰে মূৰ জোকাৰি গ্ৰহণ কৰে । মঙলবাৰে শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰি জিলা ছাত্র সন্থাই তেওঁৰ পুত্তলিকা দাহ কৰে ।

লখিমপুৰত শিক্ষা মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ

লখিমপুৰ, ৬ ফেব্ৰুৱাৰী : শিক্ষা মন্ত্ৰী ৰণোজ পেগু এজন অকৰ্মণ্য মন্ত্ৰী । তেওঁ আচলতে পুতলা মন্ত্ৰী । অসম চৰকাৰে কেবিনেটত যি সিদ্ধান্ত গ্রহণ কৰে সেয়া তেওঁ পুতলাৰ দৰে মূৰ জোকাৰি গ্ৰহণ কৰে । শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে লখিমপুৰত মঙলবাৰে এনেদৰে ক্ষোভ প্ৰকাশ কৰি তেওঁৰ পুত্তলিকা দাহ কৰে লখিমপুৰ জিলা ছাত্র সন্থাই ।

লখিমপুৰ নগৰৰ মাজমজিয়াৰ লখিমী চাৰিআলিত দুপৰীয়া জিলা ছাত্র সন্থাই চৰকাৰৰ অসমীয়া মাধ্যমবিৰোধী সিদ্ধান্তৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে । পুত্তলিকা দাহ কৰি শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ কাম নাই, ৰণোজ পেগু হুঁচিয়াৰ, ৰণোজ পেগু গ' বেক, ৰণোজ পেগু মুৰ্দাবাদ, শিক্ষা বিভাগ হুঁচিয়াৰ, অসমীয়া মাধ্যমবিৰোধী সিদ্ধান্ত পৰিহাৰ কৰক আদি শ্লোগান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

আনহাতে, পুত্তলিকা দাহ কৰি জিলা ছাত্র সন্থাৰ সহকাৰী সম্পাদক পুনমজ্যোতি বুঢাগোঁহায়ে কয় যে চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদানৰ বাবে লোৱা সিদ্ধান্তৰ ছাত্র সন্থাই বিৰোধ কৰি আহিছে । চৰকাৰৰ অসমীয়া মাধ্যমবিৰোধী সিদ্ধান্ত পৰিহাৰ কৰাৰ দাবীত ছাত্র সন্থাই ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰ অথবা শিক্ষা বিভাগে কাণসাৰ দিয়া নাই ।

এইক্ষেত্ৰত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ভূমিকা গৰিহণাযোগ্য । তেওঁ আচলতে এজন পুতলা মন্ত্ৰী । চৰকাৰে কেবিনেটত যি সিদ্ধান্ত গ্রহণ কৰে, সেই সিদ্ধান্ত তেওঁ পুতলাৰ দৰে মূৰ জোকাৰি গ্ৰহণ কৰে । ৰণোজ পেগু এজন অকৰ্মণ্য মন্ত্ৰী । পুতলাৰ দৰে তেওঁ কাৰ্য সম্পাদন কৰি গৈছে । তেওঁ আৰু কয় যে চৰকাৰে যদি এই অসমীয়াবিৰোধী হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে, তেন্তে ছাত্র সন্থাৰ আন্দোলন তীব্রতৰ আৰু ভয়ংকৰ হ'ব ।

চৰকাৰে বলপূৰ্বক ইংৰাজী ভাষা জাপি দি অসমীয়া মাধ্যম ধ্বংস কৰিবলৈ বিচৰা কাৰ্য ছাত্র সন্থাই কোনো কাৰণতে মানি নলয় আৰু চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰা পৰ্যন্ত গণতান্ত্রিকভাৱে ইয়াৰ বিৰুদ্ধে তীব্র প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলিও তেওঁ চৰকাৰক সকীয়াই দিয়ে ।

লগতে পঢ়ক :ৰাজ্যপালক ধন্যবাদ নজনাই বিৰোধী দলপতিয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.