ETV Bharat / state

ৰাজ্যপালক ধন্যবাদ নিদিয়ে বিৰোধী দলপতিয়ে !

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 2:45 PM IST

Updated : Feb 6, 2024, 3:38 PM IST

Leader of Opposition Debabrata Saikia: ৰাজ্যপালৰ ভাষণক লৈ অসন্তুষ্ট বিৰোধী দলপতি । বিৰোধী দলপতিয়ে ৰাজ্যপালৰ ভাষণক লৈ ধন্যবাদসূচক মন্তব্য দিয়াৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰে । ৰাজ্যপালৰ ভাষণত ৰাজ্যৰ প্ৰকৃত ছবি প্ৰতিফলিত হোৱা নাই বুলি অভিযোগ কৰে দেৱব্ৰত শইকীয়াই ।

Leader of Opposition did not thank the Governor
ৰাজ্যপালক ধন্যবাদ নজনাই বিৰোধী দলপতিয়ে !

গুৱাহাটী,৬ ফেব্ৰুৱাৰী: ৰাজ্যপালৰ ভাষণক লৈ ধন্যবাদসূচক মন্তব্য দিব বিচৰা নাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । ইয়াৰ কাৰণ দৰ্শাই বিৰোধী দলপতিগৰাকীয়ে কয় যে ৰাজ্যপালৰ ভাষণত ৰাজ্যৰ প্ৰকৃত প্ৰতিচ্ছবিখন প্ৰতিফলিত হোৱা নাই । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত মঙলবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

কংগ্ৰেছে কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰকৃত স্বৰূপটো দাঙি ধৰে । তেওঁ কয় যে ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা দিয়াও মানুহ আছিল । আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণ কৰাৰ ব্যৱস্থা আছিল । কিন্তু এনে বিষয়বোৰত গুৰুত্ব দিয়া হোৱা নাই বুলি সদৰী কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অসম চুক্তিৰ প্ৰসংগও উল্লেখ কৰে ।

অসম চুক্তিৰ প্ৰসংগত ৰাজ্যপালৰ ভাষণত 'শ্বহীদ'ৰ সলনি 'বলি' হোৱা বুলি উল্লেখ কৰা সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । এইখন চৰকাৰে শ্বহীদৰ মান্যতা দিব বিচৰা নাই বুলি অভিযোগ উত্থাপন কৰে । কোৱা ধৰণে কোনো ধৰণৰ গতিশীলতা নাই বুলিও তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । আনহাতে মন্ত্রী পীযুষ হাজৰীকাই বিৰোধীৰ ইচ্ছ্যু নাই বুলি কৰা অভিযোগ সন্দৰ্ভত তেওঁ কয় যে আমি ভীতিগ্ৰস্ত যদি তেওঁলোকে সাহসেৰে কামবোৰ কৰি দেখুৱাওক ।

আমি ক'ত পথভ্ৰষ্ট হৈছো বুলি প্ৰত্যুত্তৰ দি তেওঁ কয় যে আমি নিজৰ ঠাইতে আছো । আমাৰ ইছ্যু নাই যদি তেওঁলোকৰ কি ইছ্যু আছে বুলি তেওঁ প্ৰশ্ন কৰে । ঋণত পোত গৈ প্ৰধানমন্ত্ৰীৰ সভালৈ মানুহ গোটোৱাৰ বাদে বিজেপিয়ে আন একো কৰিব পৰা নাই বুলি দাবী কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ।

লগতে পঢ়ক: ৬৯ বছৰত লোৱা ধাৰতকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰত লোৱা ধাৰৰ পৰিমাণ বেছি : অখিল গগৈ

Last Updated : Feb 6, 2024, 3:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.