ETV Bharat / state

৬৯ বছৰত লোৱা ধাৰতকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰত লোৱা ধাৰৰ পৰিমাণ বেছি : অখিল গগৈ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 1:38 PM IST

MLA Akhil Gogoi reacts to Assam govt loan issue
ঋণ প্ৰসংগক লৈ সৰৱ বিধায়ক অখিল গগৈ

Assam assembly: অসম চকৰকাৰৰ ঋণ প্ৰসংগক লৈ সৰৱ বিধায়ক অখিল গগৈকে ধৰি আন কেইবাজনো বিধায়ক । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা প্ৰশ্নোত্তৰ কালত বিধায়ক গৰাকীয়ে কৰা প্ৰশ্ন উত্তৰত সন্তুষ্ট নহয় অখিল গগৈ । বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া বিধায়ক গগৈৰ ।

ঋণ প্ৰসংগক লৈ সৰৱ বিধায়ক অখিল গগৈ

গুৱাহাটী,৬ ফেব্ৰুৱাৰী : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মঙলবাৰে দ্বিতীয় দিনা অসম চৰকাৰৰ ঋণৰ প্ৰসংগক লৈ সৰৱ হৈ পৰে বিধায়ক অখিল গগৈকে ধৰি কেইবাজনো বিধায়ক । সদনৰ প্ৰশ্নোত্তৰ কালত বিধায়ক অখিল গগৈয়ে অসম চৰকাৰে লোৱা ঋণ সন্দৰ্ভত কেতবোৰ প্ৰশ্ন উত্থাপন কৰে । এই সন্দৰ্ভত বিত্তমন্ত্রী অজন্তা নেওগে উত্তৰ দিয়ে যদিও, অখিল গগৈ সন্তুষ্ট নহয় । যাক লৈ বিধায়ক অখিল গগৈয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে অসম চৰকাৰখন কেৱল ধাৰতে চলি আছে । আজি সদনৰ প্ৰথমটো প্ৰশ্নতে চৰকাৰখনৰ প্ৰকৃত অৰ্থনৈতিক স্বৰূটো উন্মোচিত হ'ল । প্ৰশ্ন কৰা হৈছিল যে ২০১৬ চনৰ ৩১ মাৰ্চৰ পৰা ২০২৩ চনৰ ৩১ মাৰ্চলৈ অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ কিমান ।

এই সময়চোৱাত ধাৰ লৈছে ১ লাখ ৯ হাজাৰ ৭১.২২ কোটি টকা । মাত্র সাত বছৰত এই ঋণ লোৱা হৈছে । ইয়াৰ ভিতৰত ২০১৬-১৭ বৰ্ষত লৈছে ৫৬৪৯.৪৫ কোটি টকা, ২০১৭-১৮ বৰ্ষত ১০৪৭৬.২ কোটি টকা, ২০১৮-১৯ বৰ্ষত ১৪০০৩.৮৮ কোটি টকা, ২০১৯-২০ বৰ্ষত ১৬৬৩৪.৫৩ কোটি টকা, ২০২০-২১ বৰ্ষত ১৯২৫৬.৫৯ কোটি টকা, ২০২১-২২ বৰ্ষত ১৭১৪৮.৪১ কোটি টকা আৰু ২০২২-২৩ বৰ্ষৰ প্ৰাক প্ৰকৃত হিচাপত ২৫৯০২.১৬ কোটি টকা ঋণ লোৱা হৈছে ।

প্ৰত্যেক বছৰেই ধাৰৰ পৰিমাণ বৃদ্ধি পাই আহিছে বুলি সদৰী কৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মাত্র দুটা বছৰত ধাৰ লোৱা হৈছে ৪৩ হাজাৰ ৫০.৫৭ কোটি টকা । ইয়াৰ বিপৰীতে স্বাধীনতাৰ পৰা ২০১৬ চনলৈ অসমৰ ধাৰ আছিল ৪১ হাজাৰ ৯৬৪ কোটি টকা । ৬৯ বছৰত লোৱা ধাৰতকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰত লোৱা ধাৰৰ পৰিমাণ বেছি বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে অসমত প্ৰকৃত ধাৰৰ এইখন হৈছে প্ৰকৃত ছবি ।

লগতে পঢ়ক: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.