অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 10:34 AM IST

Updated : Feb 6, 2024, 10:53 AM IST

thumbnail

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিন ৷ ইতিমধ্যে সদনৰ কাম কাজ আৰম্ভ হৈছে ৷ সোমবাৰে অধিৱেশনৰ প্ৰথম দিনা বিৰোধীৰ সদন ত্যাগৰ মাজতে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আধাতে নিজৰ ভাষণ সামৰে ৷ মঙলবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী মতে কেবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা হোৱাৰ লগতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব ৷ উল্লেখ্য যে, 2024-25 বৰ্ষৰ বাজেট বিত্তমন্ত্ৰী অজন্তা নেওগে 12 ফেব্ৰুৱাৰীৰ দিনা দাখিল কৰিব ৷ তাৰোপৰি, চলিত অধিৱেশনতে ব্যাপক চৰ্চিত বহু বিবাহ বিৰোধী বিধেয়কখন অসম চৰকাৰে উপস্থাপন কৰিব ৷ 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা অধিৱেশন 28 ফেব্ৰুৱাৰীৰ দিনা অন্ত পৰিব ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হোৱা এই অধিৱেশনখনে নিৰ্বাচনত পেলাব পাৰে বিশেষ প্ৰভাৱ ৷

Last Updated : Feb 6, 2024, 10:53 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.