অসম

assam

নগাঁৱৰ ৰামানুজনৰ পৰা তৃতীয় স্থান প্ৰাপক দেৱশ্ৰী কাশ্যপৰ মনৰ বতৰা - HSLC RESULT 2024

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 11:38 AM IST

Updated : Apr 20, 2024, 1:23 PM IST

HSLC Reslut 2024: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তৃতীয় স্থান লাভ নগাঁৱৰ ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱশ্ৰী কাশ্যপৰ । ইটিভি ভাৰতৰ আগত অনুভৱ ব্যক্ত কৰিলে দেৱশ্ৰী কাশ্যপে ?

reaction of HSLC THIRD RANK holder
সংবাদ মাধ্যমৰ আগত কণ্ঠ নিগৰালে তৃতীয় স্থান প্ৰাপক দেৱশ্ৰী কাশ্যপে

সংবাদ মাধ্যমৰ আগত কণ্ঠ নিগৰালে তৃতীয় স্থান প্ৰাপক দেৱশ্ৰী কাশ্যপে

নগাঁও, 20 এপ্ৰিল:শনিবাৰৰ পুৱাই ঘোষণা হ’ল 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ পুৱা প্ৰায় 10 বজাৰ লগে লগে ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এইবাৰ পুনৰ উজলিল নগাঁও জিলা । অন্তিমবাৰৰ বাবে অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দেৱশ্ৰী কাশ্যপে 588 নম্বৰসহ তৃতীয় স্থান দখল কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাচতেই উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে নগাঁৱৰ ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ।

দেৱশ্ৰী কাশ্যপৰ এই সাফল্যত গৌৰৱান্ধিত হৈ পৰিছে নগাঁৱৰ ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুল কৰ্তৃপক্ষৰ লগতে দেৱশ্ৰীৰ অভিভাৱক ৷ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী দেৱশ্ৰীৰ সুনাগৰিক হিচাবে নিজকে গঢ় দিবলৈ মনত হেঁপাহ পুহি ৰাখিছে ৷ উচ্চ মাধ্যমিক শিক্ষা নগাঁৱৰ ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলতেই দেৱশ্ৰীয়ে গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

সংবাদ মাধ্যমৰ আগত কণ্ঠ নিগৰালে তৃতীয় স্থান প্ৰাপক দেৱশ্ৰী কাশ্যপে

উল্লেখ্য যে, ফলাফল ঘোষণাৰ বাবে 10 টা ৱেবচাইট অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)-এ মুকলি কৰিছে । এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 75.73% ৷ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ 77.3% হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 74.4% ৷ এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 4 লাখ 19 হাজাৰ 78 গৰাকী শিক্ষাৰ্থী ৷ তাৰে 3 লাখ 17 হাজাৰ 713 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷

স্মৰ্তব্য যে, শুকুৰবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ সামাজিক মাধ্যমত কেতবোৰ বিভ্রান্তিকৰ খবৰ বিয়পি পৰা দেখিবলৈ পোৱা গৈছিল ।

লগতে পঢ়ক:10 বজাৰ লগে লগে ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল, শীৰ্ষত যোৰহাটৰ অনুৰাগ দলৈ - HSLC result 2024

Last Updated :Apr 20, 2024, 1:23 PM IST

ABOUT THE AUTHOR

...view details