ETV Bharat / state

ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল, শীৰ্ষত যোৰহাটৰ অনুৰাগ দলৈ - HSLC result 2024

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 9:02 AM IST

Updated : Apr 20, 2024, 3:36 PM IST

Assam HSLC Result 2024
ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল

Assam HSLC Result 2024 : শনিবাৰে পুৱা ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ SEBA কৰ্তৃপক্ষই ইতিমধ্যে ১০টা ৱেবচাইট মুকলি কৰিছে ৷ শীৰ্ষ তিনিটা স্থান দখল পাঁচ শিক্ষাৰ্থীৰ ৷

নিউজ ডেস্ক, 20 এপ্ৰিল : অৱশেষত আজি ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 75.73% ৷ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ 77.3% হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 74.4% ৷ ইতিমধ্যেই ঘোষণা কৰা হৈছে প্ৰথম পাঁচ স্থান প্ৰাপকসকলৰ নাম ৷ 2024 ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 4 লাখ 19 হাজাৰ 78 গৰাকী শিক্ষাৰ্থী ৷ তাৰে 3 লাখ 17 হাজাৰ 713 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷

Assam HSLC Result 2024
ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল

2024 বৰ্ষৰ শীৰ্ষ তিনি স্থান প্ৰাপক:

প্ৰথম স্থান:

অনুৰাগ দলৈ, প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, যোৰহাট ৷ মুঠ নম্বৰ-593

দ্বিতীয় স্থান:

ঝৰ্ণা শইকীয়া, শংকৰদেৱ শিশু নিকেতন, বিশ্বনাথ ৷ মুঠ নম্বৰ- 590

তৃতীয় স্থান:

মানস প্ৰতীম শইকীয়া, আইচলেণ্ড একাডেমী, মাজুলী ৷ মুঠ নম্বৰ-588

বেদান্ত চৌধুৰী, ষ্টেলা মেৰীজ স্কুল, সৰুপেটা ৷ মুঠ নম্বৰ-588

দেৱশ্ৰী কাশ্যপ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও ৷ মুঠ নম্বৰ-588

উল্লেখ্য যে, এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত উত্তীৰ্ণৰ সংখ্যা হৈছে 1 লাখ 5 হাজাৰ 883 ৷ তাৰে 51 হাজাৰ 6 গৰাকী ছাত্ৰ আৰু 54 হাজাৰ 254 গৰাকী ছাত্ৰী ৷

দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 1 লাখ 50 হাজাৰ 764 গৰাকী ৷ যাৰ ভিতৰত 69 হাজাৰ 930 জন ছাত্ৰ আৰু 80 হাজাৰ 832 গৰাকী ছাত্ৰী ৷

আনহাতে, তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 60 হাজাৰ 680 গৰাকী শিক্ষাৰ্থী ৷ তাৰে 23 হাজাৰ 717 জন ছাত্ৰৰ বিপৰীতে ছাত্ৰীৰ সংখ্যা 36 হাজাৰ 960 ৷

উল্লেখ্য যে, এইবাৰ 10 গৰাকী তৃতীয় লিংগৰ শিক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ যাৰ ভিতৰত 8 গৰাকী শিক্ষাৰ্থী সফল হৈছে ৷ ইয়াৰ 3 গৰাকীয়ে প্ৰথম স্থানত উত্তীৰ্ণ হোৱাৰ বিপৰীতে 2 গৰাকী দ্বিতীয় আৰু আন তিনিগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৷

ফলাফল অনুসৰি, চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ 6 হাজাৰ 392 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে ডিষ্টিংশ্যন ৷ আনহাতে, ষ্টাৰমাৰ্ক লাভ কৰিছে 20 হাজাৰ 552গৰাকী শিক্ষাৰ্থীয়ে ৷

ফলাফল ঘোষণাৰ বাবে ১০ টা ৱেবচাইট মুকলি কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)-এ । SEBA কৰ্তৃপক্ষই উল্লেখ কৰা ৱেবচাইটকেইটা হৈছে-

  • https://sebaonline.org
  • exametc.com
  • resultsassam.nic.in
  • www.schools9.com
  • www.indiaresults.com
  • www.results.shiksha
  • assamresult.in
  • www.jagranjosh.com
  • www.assam.shiksha
  • www.vidyavision.com

এই 10 টা ৱেবচাইট উপলব্ধ হ'ব মেট্ৰিকৰ ফলাফল ।

উল্লেখ্য যে, শুকুৰবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ সামাজিক মাধ্যমত কেতবোৰ বিভ্রান্তিকৰ খবৰ বিয়পি পৰিছিল । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছিল যে 19 এপ্রিলৰ পাচতেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব । ছেবাৰ ফালৰ পৰাও ঘোষণা কৰা হৈছিল যে ব'হাগ বিহুৰ পাচতেই ফলাফল ঘোষণা কৰিবলৈ তেওঁলোক সম্পূৰ্ণৰূপে সাজু ।

ইয়াৰ মাজতে শুকুৰবাৰে এটা দুষ্টচক্রই জালিয়াতিৰে মুখ্যমন্ত্ৰীৰ টুইট বুলি এটা বার্তা সামাজিক মাধ্যমত বিয়পাই দিছে । যিটো বার্তাত 20 এপ্রিলত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল । হ'লেও এনে উৰাবাতৰিয়ে ৰাজ্যজুৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক উৎকণ্ঠিত কৰি তুলিছিল । ইয়াৰ মাজতে আজি পুৱা ছেবাই আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি জাননী জাৰি কৰে ।

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR শ্বীটৰ ব্যৱস্থা

Last Updated :Apr 20, 2024, 3:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.