ETV Bharat / state

প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR শ্বীটৰ ব্যৱস্থা

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 4:15 PM IST

HSLC 2024: এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত থাকিব OMR শ্বীট ৷ এই কথা জনাইছে ছেবাই ৷ গণিত-ইংৰাজী-সাধাৰণ বিজ্ঞান-সমাজ-বিজ্ঞান বিষয়ত OMR শ্বীট থাকিব বুলি জানিবলৈ দিছে ছেবাৰ সচিব এন এন নাথে ৷

HSLC 2024
হাইস্কুল শিক্ষান্ত পৰীক্ষা

ছেবাৰ সচিব নৰনাৰায়ণ নাথ

গুৱাহাটী, ৩০ জানুৱাৰী : হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ মাজত মাথো কেইদিনমান বাকী । আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেতবোৰ গুৰুত্বপূৰ্ণ সাল-সলনি কৰিছে ছেবাই । প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR শ্বীটৰ ব্যৱস্থা কৰা হৈছে ।

গণিত-ইংৰাজী-সাধাৰণ বিজ্ঞান-সমাজ-বিজ্ঞান বিষয়ত থাকিব OMR শ্বীট । OMR শ্বীটত সন্নিৱিষ্ট থাকিব ৫০ শতাংশ প্ৰশ্ন । OMR শ্বীটত ১ নম্বৰৰ ৪৫ টা প্ৰশ্ন থাকিব । পৃথক এখন বহীত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব ৪৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ । অৰ্থাৎ পৰীক্ষাৰ্থীয়ে লাভ কৰিব ৪৫ নম্বৰৰ দুখনকৈ প্ৰশ্নকাকত ।

বিষয়সমূহৰ ব্যৱহাৰিক পৰীক্ষাত থাকিব ১০ নম্বৰ । OMR শ্বীটত ব্যৱহাৰৰ ক্ষেত্ৰত থাকিব কেতবোৰ নিৰ্দিষ্ট নিয়ম । পৰীক্ষা সম্পৰ্কে ছেবাৰ সচিব এন এন নাথে কয়, ‘‘ এইবাৰ মেট্ৰিক পৰীক্ষাত গণিত-ইংৰাজী-সাধাৰণ বিজ্ঞান-সমাজ-বিজ্ঞান বিষয়ত OMR শ্বীটৰ ব্যৱস্থা কৰা হৈছে । যোৱা বছৰৰ পৰা গণিত-ইংৰাজী-সাধাৰণ বিজ্ঞান-সমাজ-বিজ্ঞান বিষয়ত ৫০ শতাংশ প্ৰশ্ন বস্তুনিষ্ঠ (অৱজেক্টিভ) কৰা হৈছিল । এইবাৰ অৱজেক্টিভ প্ৰশ্নৰ উত্তৰ বহীৰ পৰিৱৰ্তে OMR শ্বীটৰ ব্যৱস্থা কৰা হৈছে ।’’

প্ৰতিখন OMR শ্বীটত পৰীক্ষাৰ্থীৰ নাম আৰু ৰোলনং থাকিব । পৰীক্ষাৰ্থীৰ যাতে সুবিধা হয় তাৰ বাবে ভালে কেইমাহ আগতে OMRশ্বীটৰ নমুনা প্ৰকাশ কৰা হৈছে । বহু বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ সুবিধা হ'বলৈ ছমহীয়া পৰীক্ষাত নিজাববীয়াকৈ OMR শ্বীটৰ ব্যৱহাৰ কৰিছে । এডমিট কাৰ্ডৰ পিছফালে OMR শ্বীটৰ ব্যৱহাৰ কিদৰে কৰিব লাগে তাৰ নীতি নিৰ্দেশনা ছেবাই উল্লেখ কৰিছে ।

তেওঁ লগতে কয় যে OMR শ্বীটৰ ব্যৱহাৰ কৰাৰ ফলত বহীবোৰ চাবৰ বাবে সময় কম প্ৰয়োজন হ'ব আৰু পূৰ্বৰ তুলনাত ফলাফল আগতীয়াকৈ দিব পৰা যাব । উল্লেখ্য যে ১৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত ৯১৩ টা পৰীক্ষা কেন্দ্ৰত ৪ লাখ ২৫ হাজাৰতকৈ অধিক পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব । পৰীক্ষাৰ বাবে ইতিমধ্যে ছেবাই প্ৰস্তুতি সম্পন্ন কৰিছে ।

লগতে পঢ়ক: ছেবা আৰু শিক্ষা সংসদৰ একত্রিকৰণ : কেবিনেটৰ অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.