অসম

assam

গৃহৰক্ষী জোৱান ৰাতুল গগৈৰ মৃত্যুক কেন্দ্ৰ কৰি দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 10:33 AM IST

Updated : Feb 29, 2024, 11:00 AM IST

Home guard Death in a accident : গৃহৰক্ষী জোৱানৰ মৃত্যুক লৈ বুধবাৰে নিশা দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ৷ জোৱানৰ মৃতদেহ লৈ আৰক্ষী থানাৰ সন্মুখত ন্যায় বিচাৰি থানা ঘেৰাও পৰিয়াল আৰু স্থানীয় ৰাইজৰ ৷

Duliajan Police Station
গৃহৰক্ষী জোৱানৰ ৰাতুল গগৈৰ মৃত্যুক কেন্দ্ৰ কৰি দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

গৃহৰক্ষী জোৱানৰ ৰাতুল গগৈৰ মৃত্যুক কেন্দ্ৰ কৰি দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

ডিব্ৰুগড়, 29 ফেব্ৰুৱাৰী :পৰিবহন বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও একাংশ উদণ্ড চালকৰ বাবে প্ৰতিদিনেই সংঘটিত হৈছে পথ দুৰ্ঘটনা । ইয়াৰ মাজতে দুলীয়াজানত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এজন গৃহৰক্ষী জোৱানৰ । ফলত বুধবাৰে নিশা দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আনকি পথ দুৰ্ঘটনাত মৃত্যু হোৱা গৃহৰক্ষী জোৱানৰ মৃতদেহ লৈ আৰক্ষী থানাৰ সন্মুখত বুধবাৰে নিশা ন্যায় বিচাৰি থানা ঘেৰাও কৰে স্থানীয় ৰাইজে ।

বিৱৰণি অনুসৰি, বিগত 16 ফেব্ৰুৱাৰীৰ পুৱা দুলীয়াজান ষ্টেচনৰ পথৰ ডেইলি বজাৰত তীব্ৰবেগী এখন AS06S 7005 নম্বৰৰ হোণ্ডাই I20 বাহনে AS06 W 6298 নম্বৰৰ স্কুটিখনত তীব্ৰবেগত খুন্দা মাৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় ৰাতুল গগৈ নামৰ এজন গৃহৰক্ষী বাহিনীৰ জোৱান ।

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত ৰাতুল গগৈক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰায় ৷ তেতিয়াৰে পৰা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকে ৰাতুল গগৈ ৷ বিগত দহ দিন ধৰি মৃত্যুৰে যুঁজি অৱশেষত বুধবাৰে পুৱা কৰুণ মৃত্যুক সাৱটি লয় ৰাতুল গগৈয়ে ।

সদৌ অসম গৃহৰক্ষী বাহিনীৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰাতুল গগৈৰ মৃত্যুৰ পিচত ডিব্ৰুগড় জিলা গৃহৰক্ষী বাহিনীৰ সদস্যসকল আৰু দুলীয়াজান প্ৰাগজ্যোতিষপুৰবাসী ৰাইজে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰি বুধবাৰে বিয়লি দুলীয়াজান আৰক্ষী থানাৰ সন্মুখলৈ লৈ যায় ৷ তাতে দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় বিচাৰি আৰক্ষী থানাৰ সন্মুখ ঘেৰাও কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷ অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত জিলা দণ্ডাধীশ নিতুল খাটনিয়াৰসহ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ গৰাকী অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া অভিজিৎ ডেকা বুলি জানিব পৰা গৈছে । এইগৰাকী বিষয়াই দুৰ্ঘটনা সংঘটিত কৰাৰ পিচত চিকিৎসাধীন অৱস্থাত থকা ৰাতুল গগৈ অথবা তেওঁৰ পৰিয়ালটোক এদিনো এষাৰ মাত নিদিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :অৰুণাচলৰ আৰক্ষী বাহনেৰে বাইকৰ মুখামুখি সংঘৰ্ষ, এজনৰ মৃত্যু

Last Updated :Feb 29, 2024, 11:00 AM IST

ABOUT THE AUTHOR

...view details