অৰুণাচলৰ আৰক্ষী বাহনেৰে বাইকৰ মুখামুখি সংঘৰ্ষ, এজনৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 9:43 AM IST

thumbnail

ডিব্ৰুগড়, ২৯ ফেব্ৰুৱাৰী : বুধবাৰে নিশা টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত ৰঙাবননীৰ 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱকৰ কৰুণ মৃত্যু হয় । অৰুণাচলৰ পাচিঘাটৰ পৰা অৰুণাচলৰ লংডিঙলৈ বুলি আহি থকা অৱস্থাতে অৰুণাচল আৰক্ষীৰ AR01 F 0195 নম্বৰ এখন বলেৰ’ আৰু এখন বাইকৰ মুখামুখি সংঘৰ্ষ হয় ।

এই ঘটনাটোত টিংখাঙৰ বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত কমাৰচুক গাঁৱৰ মনোজ বকলীয়ালৰ পুত্ৰ বলীন বকলীয়ালৰ কৰুণ মৃত্যু হয় । নিহত বলীন বকলীয়ালৰ বয়স 24 বছৰ বুলি জানিব পৰা গৈছে ৷ ঘটনা সংঘটিত হোৱাৰ পাচতেই ৰাজগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও চিকিৎসালয়ত যুৱকজনক মৃত বুলি ঘোষণা কৰা হয় ।

আনহাতে, নিশাই আৰক্ষীয়ে অৰুণাচলৰ আৰক্ষী বাহনখন জব্দ কৰি টিংখাং থানালৈ লৈ যায় ৷

লগতে পঢ়ক : ট্ৰাকত মটৰচাইকেলেৰে খুন্দিয়াই থিতাতে নিহত যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.