অসম

assam

চিৰাং জিলা সাহিত্য সভাই 'নিজৰ দিন'ত সম্বৰ্ধনা জ্ঞাপন কৰিলে বিশিষ্ট ব্য়ক্তিক - Rangali Bihu 2024

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 7:45 PM IST

Nijor Din in Chirang: পহিলা ব’হাগৰ দিনটোত অসম সাহিত্য সভাৰ 'নিজৰ দিন' উদযাপন ৷ ব’হাগৰ প্ৰথম দিনটোত অসম সাহিত্য সভাই বিগত কেইবা বছৰ ধৰি বিশিষ্ট ব্য়ক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে ।

Nijor Din in Chirang
অসম সাহিত্য সভাৰ নিজৰ দিন পালন

অসম সাহিত্য সভাৰ নিজৰ দিন পালন

চিৰাং, ১৪ এপ্ৰিল:অসম সাহিত্য সভাৰ নিৰ্দেশনা অনুসৰি আজি চিৰাং জিলা সাহিত্য সভাৰ অধীনৰ ১৫ খন শাখাত পহিলা ব'হাগ উপলক্ষে 'নিজৰ দিন ' উদযাপন কৰা হয় ৷ এই উপলক্ষে দেওবাৰে চিৰাং জিলাৰ ঢালিগাঁও অঞ্চলৰ বৰতালোৱা-ছাতিপুৰ শাখা সাহিত্য সভাই অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট লোকক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে ৷ চিৰাং জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক দেৱান গাজী মুস্তাফা আৰু বৰতালোৱা-ছাতিপুৰ শাখা সাহিত্য সভাৰ সভাপতি নজমুল হকৰ নেতৃত্বত এটি সজাঁতি দলে এই বিশিষ্ট লোকসকল ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে ৷

তেওঁলোকে হাতীপোতা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক বৰতালোৱাৰ বাদশ্বাহ আলী আহমেদ, বঙাইগাঁও শোধনাগাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, সমাজকৰ্মী আব্দুল হামিদ পাৰমাণিক আৰু বিলাসপুৰ মনছুৰীয়া হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্বেৰ এৰছাদ আলীক নিজ নিজ ঘৰলৈ গৈ পহিলা ব'হাগৰ প্ৰথম দিন নিজৰ দিন উপলক্ষে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অসম সাহিত্য সভাৰ ওলগনি পত্ৰ প্ৰদান কৰে ৷

চিৰাং জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক দেৱান গাজী মুস্তাফাই উল্লেখ কৰা মতে চিৰাং জিলা সাহিত্য সভাৰ উদ্যোগত আজি জিলাখনৰ ১৫ খন শাখাত মুঠ ২৭ গৰাকী বিশিষ্ট লোকক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ ইপিনে, সম্বৰ্ধনা গ্ৰহণ কৰি সমাজকৰ্মী, শিক্ষাবিদ শ্বেৰ এৰছাদ আলীয়ে অসম সাহিত্য সভাই তেওঁলৈ বছৰৰ প্ৰথম দিনটোত সম্বৰ্ধনা প্ৰদান কৰাত আনন্দ প্ৰকাশ কৰি চিৰ চেনেহী মোৰ ভাষা জননীৰ উত্তৰোত্তৰ কামনা কৰি অসমীয়া ভাষা যুগমীয়া হোৱাৰ আশা ব্যক্ত কৰে ৷

লগতে পঢ়ক:৩৭১ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি আউনীআটী সত্ৰত বোকাখেল - Rangali Bihu 2024

ABOUT THE AUTHOR

...view details