ETV Bharat / state

৩৭১ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি আউনীআটী সত্ৰত বোকাখেল - Rangali Bihu 2024

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 11:44 AM IST

Traditional boka khel observed in Majuli
৩৭১ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি আউনীআটী সত্ৰত বোকাখেল

Rangali Bihu 2024: আজি মানুহৰ বিহু । পৰম্পৰা ঐতিহ্য অক্ষুন্ন ৰাখি চৌদিশে উদযাপিত হৈছে হেঁপাহৰ ৰঙালী বিহু । ঐতিহাসিক আউনীআটী সত্ৰত ৩৭১ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি আজিৰ দিনটোত অনুষ্ঠিত কৰা হৈছে বোকাখেল । বোকাখেলত অংশগ্ৰহণ কৰে সত্ৰৰ বৈষ্ণৱসকলে ।

৩৭১ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি আউনীআটী সত্ৰত বোকাখেল

মাজুলী,১৪ এপ্ৰিল: আজি পহিলা ব'হাগ, মানুহৰ বিহু ‌। ৰাজ্যজুৰি উদযাপন কৰা হৈছে মানুহ বিহু । ঢোল, পেঁপা-গগনা মাতত ৰজন জনাইছে আকাশ-বতাহ । মাজুলীৰ ঐতিহাসিক সত্ৰসমূহত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতিৰে ব'হাগ বিহু উদযাপন কৰা হয় । ঢোল, পেঁপা, গগনা নহয় খোল, তাল, নাগাৰা, ডবা শংখ, বৰতালৰ শব্দৰে মুখৰিত হৈছে সত্ৰপীঠ মাজুলীত ।

মাজুলীৰ ঐতিহাসিক ৩৫ খন সত্ৰত ধৰ্মীৰ ৰীতি-নীতিৰে বিহু পালন হৈছে । পুৱাৰে পৰা মাজুলী বিহু উৎসৱৰ বাবে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । হৰিনামৰ ধ্বনি, সমূহীয়া নাম, বৰগীত, দিহানাম আদিৰে মুখৰিত হৈ পৰিছে । মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত ৩৭১ বছৰীয়া পৰম্পৰাৰে বোকাখেল খেলে বৈষ্ণৱসকলে । চৰ্মৰোগ নিৰাময়ৰ বাবে বৈষ্ণৱসকলে বোকা লেপন কৰি শৰীৰত বোকাখেল খেলে ।

ভূমিক অতি পবিত্ৰ হিচাপে গণ্য কৰি ভকতসকলে ইজনে সিজনৰ শৰীৰত ভূমি লেপন কৰি বোকাখেলৰ আনন্দ উপভোগ কৰে । ঐতিহাসিক উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী, ভোগপুৰ সত্ৰত পূৱাৰে নাম প্ৰসংগ গায়ন-বায়ন বিহাৰ নৃত্য কীৰ্তনীয়া, ওজাপালি পৰিৱেশন কৰা হৈছে । গুৰুসেৱা, নামসেৱা, ভকতসেৱা দৰে অন্যান্য পৰম্পৰাও পালন কৰা পৰিলক্ষিত হয় । ঐতিহাসিক আউনীআটী, দক্ষিনপাট সত্ৰত পূৱাৰে পৰা আধ্যাত্মিক পৰিবেশে বিৰাজ কৰিছে ।

উল্লেখ্য যে, ভকতসকলে সত্ৰাধিকাৰক সেৱা কৰি মালা দিয়া পৰম্পৰা বিগত ৫০০ বছৰে চলি আহিছে । আউনীআটী সত্ৰত সংকীৰ্ত্তন, দিহানাম, হিয়ানাম, ওজাপালি সংকীৰ্ত্তন, অপ্সৰা নৃত্য, গায়ন-বায়ন সবহুৱা নাম আদি দিনযোৰা কাৰ্যসুচীৰে প্ৰতিখন সত্ৰত উদযাপন কৰা হ'ব ৰঙালী বিহু । সত্ৰসমূহত ৫০০ বছৰীয়া আধ্যাত্মিক পৰম্পৰা নিভাঁজ ৰূপত পৰিৱেশন হৈছে ।

লগতে পঢ়ক: পৰম্পৰা ৰক্ষা কৰি টিংখাঙত গৰু বিহুৰ গধূলি নামঘৰৰ চোতালত চেমনীয়াৰ হুঁচৰি - Rangali Bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.