অসম

assam

কাছাৰত কোটি টকাৰ ড্ৰাগছসহ আটক ৩ সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 1:50 PM IST

Drugs seized in Cachar: কাছাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান । কাছাৰৰ কালাইনত আৰক্ষীয়ে জব্দ কৰে ১৭৫ গ্ৰাম সন্দেহজনক হেৰ'ইন । লগতে আটক কৰা হৈছে ২ জন লোকক ৷ ইফালে কাশীপুৰত অসম ৰাইফলছ আৰু আৰক্ষীৰ এক যুটীয়া অভিযানত জব্দ ২১৬ গ্ৰাম হেৰ'ইন । লগতে আটক ১ ড্ৰাগছ সৰবৰাহকাৰী ।

Smuggler arrested with huge quantity of drugs in Cachar
কাছাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

শিলচৰ,২৮ ফেব্ৰুৱাৰী:ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান । এইবাৰ কাছাৰত চলিল ড্ৰাগছ বিৰোধী অভিযান । পুনৰ বুজন পৰিমাণৰ হেৰ'ইনসহ কাছাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় দুই ড্ৰাগছ সৰবৰাহকাৰী । গোপন সূত্ৰৰ পম খেদি কাছাৰৰ কালাইন পথত থকা অৰুণাচল তালাচী চকীত AS 11 Z 2322 নম্বৰৰ এখন TATA HARRIER বাহনত তালাচী চলাই আৰক্ষীয়ে ১৫ টা চাবোনৰ বাকচত প্ৰায় ১৭৫ গ্ৰাম সন্দেহজনক হেৰ'ইন জব্দ কৰে ।

লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আব্দুল আজাদ মজুমদাৰ আৰু ৰাহুল আমিন মজুমদাৰ নামৰ দুই সৰবৰাহকাৰীক । ধৃত দুয়োৰে ঘৰ কাছাৰৰ ধলাইত বুলি জানিব পৰা গৈছে ৷ জব্দ হোৱা হেৰ'ইনখিনিৰ বজাৰ মূল্য আনুমানিক ১ কোটি ২২ লাখ টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ইফালে মঙলবাৰে অসম ৰাইফলছ আৰু আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই কাছাৰৰ পৰা প্ৰায় ২১৬ গ্ৰাম হেৰ'ইন জব্দ কৰে । লগতে আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো ৰাজেন আহমেদ বৰভূঞা বুলি চিনাক্ত কৰা হয় ।

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে, এক গোপন সূত্ৰৰ পম খেদি কাছাৰ জিলা আৰক্ষী আৰু অসম ৰাইফলছে মঙলবাৰে শিলচৰ আৰক্ষী থানাৰ অন্তৰ্গত কাশীপুৰ অঞ্চলত নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে যুটীয়াভাৱে অভিযান চলাইছিল । উল্লেখ্য যে, কাছাৰ জিলাত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা । নিচাজাতীয় দ্ৰব্যৰ কৱলত পৰি বহু যুৱক লিপ্ত হৈছে অপৰাধজনিত কাৰ্যকলাপত । সেয়ে সচেতন ৰাইজে আৰক্ষীক ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাই আহিছে । আৰক্ষীৰ এই সফলতাক আদৰণি জনাই জিলাখনৰ সচেতন ৰাইজে ।

লগতে পঢ়ক:ড্ৰাগছ সেৱনে বিলুপ্তি ঘটাব পাৰে যৌন জীৱনৰ

ABOUT THE AUTHOR

...view details