ড্ৰাগছ সেৱনে বিলুপ্তি ঘটাব পাৰে যৌন জীৱনৰ
Adverse effect of durg consumption: তিনিচুকীয়া জিলা সত্ৰ মহাসভাৰ উদ্যোগত জিলাখনত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে মহিলা সৱলীকৰণৰ সন্দৰ্ভত সংবাদমেল সম্বোধন ৷ তিনিচুকীয়া জিলাত মাৰাত্মক ড্ৰাগছৰ প্ৰচলনৰ ফলত হ্ৰাস পাইছে বিবাহ উপযোগী যুৱক ৷

Published : February 27, 2024 at 4:29 PM IST
তিনিচুকীয়া, ২৭ ফেব্ৰুৱাৰী : ড্ৰাগছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ ড্ৰাগছ বিৰোধী অভিযানৰ সমান্তৰালকৈ বহু সংগঠনেও ঠায়ে ঠায়ে সজাগতা সভা, বাটৰ নাট, সংবাদমেল আদি অনুষ্ঠিত কৰি আহিছে ৷ শেহতীয়াকৈ তিনিচুকীয়াত ড্ৰাগছ সন্দৰ্ভত এখনি সংবাদমেলৰ আয়োজন কৰা হয় ৷
তিনিচুকীয়া জিলা সত্ৰ মহাসভাৰ উদ্যোগত জিলাখনত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে মহিলা সৱলীকৰণৰ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰা হয় ৷ সংবাদমেলত মুখ্য বক্তা হিচাপে আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক, অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়া উপস্থিত থাকে ৷ সমাজকৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াই এই সংবাদমেলত এক চাঞ্চল্যকৰ বক্তব্য দাঙি ধৰে ৷ সংবাদমেলৰ পিচত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মুখ্য বক্তাই কয় যে ড্ৰাগছৰ সেৱনে এগৰাকী ব্যক্তিৰ যৌন জীৱনৰ লোপ কৰি পেলাব পাৰে ৷ ইয়াৰ লগতে তিনিচুকীয়া জিলাখনত মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনৰ ফলত এতিয়া বিবাহৰ উপযোগী যুৱক নোহোৱা হৈছে বুলিও উল্লেখ কৰে তেওঁ ৷
লগতে পঢ়ক : সহজে ধন ঘটিবৰ বাবেই শিক্ষাবিমুখ হৈ একাংশ নামি পৰিছে ড্ৰাগছ ব্যৱসায়ত
সমাজৰ বাবে বৰবিহ স্বৰূপ ড্ৰাগছৰ অবাধ প্ৰচলনৰ ফলত পুৰুষৰ যৌন ক্ষমতা লুপ্ত হৈছে, বহু পৰিয়ালৰ জীৱন ধ্বংস হৈ গৈছে ৷ ড৹ দিব্যজ্যোতি শইকীয়াই ইয়াৰ সমান্তৰালকৈ উল্লেখ কৰে যে, বিগত ১৬ ফেব্ৰুৱাৰীৰ পৰা তিনিচুকীয়া জিলা আৰু অৰুণাচলৰ প্ৰদেশৰ নামচাই জিলাত কেইবাটাও সামাজিক সংগঠন, যুৱ আৰু ছাত্ৰ সংগঠনে যৌথভাৱে ড্ৰাগছৰ বিৰুদ্ধে মহিলা সৱলীকৰণ আৰু যুৱ প্ৰজন্মৰ আত্মনিৰ্ভৰশীলতাৰ সন্দৰ্ভত ১৮ খনকৈ বিভিন্ন স্থানত কৰ্মশালা, প্ৰেৰণাত্মক অনুষ্ঠান অনুষ্ঠিত কৰিলে । উক্ত প্ৰতিটো অনুষ্ঠানতেই প্ৰেৰণাত্মক বক্তা হিচাপে আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক, অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াই প্ৰেৰণাত্মক বক্তব্য আগবঢ়ায় ৷
লগতে পঢ়ক : আৰক্ষীৰ গুলীত হুইল চেয়াৰত বহিল ড্ৰাগছ সৰবৰাহকাৰী

