ETV Bharat / state

আৰক্ষীৰ গুলীত হুইল চেয়াৰত বহিল ড্ৰাগছ সৰবৰাহকাৰী

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 8:24 AM IST

Updated : Feb 23, 2024, 9:45 AM IST

Drug peddler injured in Lumding police firing
আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

Assam drugs seized : লামডিং আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী ৷ উজনি-নামনি-মধ্য অসম সকলোতে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই আছে যদিও কমা নাই ড্ৰাগছ সৰবৰাহকাৰীৰ দৌৰাত্ম ৷

হোজাই, 23 ফেব্ৰুৱাৰী : উত্তৰ-পূৱ যেন এতিয়া ড্ৰাগছৰ ঘাটি ৷ দৈনিক অষ্টলক্ষ্মীৰ কোনোবা কোনোবা ৰাজ্যত বহৎ বৃহৎ পৰিমাণত ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ সমাজৰ বাবে বৰবিহ স্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী মাৰ বান্ধি থিয় হৈছে যদিও যেন থমকি ৰোৱা নাই ড্ৰাগছ ব্যৱসায়ী ৷ নিতৌ ন-ন কৌশল অৱলম্বনেৰে চলাই নিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ৷

তাতোকৈ আচৰিত হ’ব লগা কথাটো হ’ল এই ড্ৰাগছ ব্যৱসায়ত নামি পৰিছে যুৱ-প্ৰজন্ম ! কেইটামান টকা লাভ কৰাৰ আশাত শিক্ষাৰ পৰা ফালৰি কাটি আহি অবাটে যোৱা এচাম নামি পৰিছে এই মাৰাত্মক ব্যৱসায়ত ৷ শেহতীয়া কেবাটাও অভিযানত আৰক্ষীৰ হাতত ধৰা পৰা সৰবৰাহকাৰীলৈ মন কৰিলে অনুভৱ হয় যেন যুৱ-প্ৰজন্মকে টাৰ্গেট কৰি লৈছে ড্ৰাগছ ব্যৱসায়ীয়ে ৷

Drug peddler injured in Lumding police firing
আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

এইবাৰ আৰক্ষীৰ গুলীত আহত হ’ল এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৷ ঘটনা অনুসৰি বৃহস্পতিবাৰে পুৱতি নিশা ড্ৰাগছ সৰবৰাহকাৰীৰ পৰিয়ালৰ আক্ৰমণত আহত হৈছিল এজন গৃহৰক্ষী জোৱান । ড্ৰাগছ সৰবৰাহাকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱাৰ সময়তে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে চলাবলগীয়া হয় গুলী ।

বৃহস্পতিবাৰে পুৱতি নিশা ড্ৰাগছ বিৰোধী অভিযানলৈ ওলাই গৈছিল লামডিং আৰক্ষী । আৰক্ষীৰ লক্ষ্য আছিল লামডিং আই অ’ চিৰ সমীপতে থকা আবুল আলীৰ বাসগৃহ । অভিযোগ অনুসৰি, আবুল আলী ড্ৰাগছ সৰবৰাহৰ সৈতে বহুদিনৰে পৰাই জড়িত ।

এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক পুৱতি নিশা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ সময়তে পৰিয়ালৰ লোকে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰক্ষীৰ দলটোক । ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰিয়ালৰ আক্ৰমণত আহত হয় প্ৰণৱ নামৰ এজন গৃহৰক্ষী জোৱান । তাৰ মাজতে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে আবুল আলীয়ে ।

এই ঘটনাৰ পিচতে উক্তদিনা সন্ধিয়াৰ ভাগত পুনৰ আৰক্ষীয়ে আবুল আলীৰ সন্ধানত অভিযান চলায় । গুৰ বস্তীৰ চেগুন বাগানত চলোৱা এই অভিযানতে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় আবুল আলী । জানিব পৰা মতে আবুল আলীৰ বাওঁ ভৰিৰ আঠুৰ তলত লাগিছে আৰক্ষীৰ গুলী ।

ঘটনাৰ পাচতে আৰক্ষীয়ে আবুল আলীক লামডিং অসামৰিক চিভিল হাস্পতালত ভৰ্তি কৰায় । বৰ্তমান হোজাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : সহজে ধন ঘটিবৰ বাবেই শিক্ষাবিমুখ হৈ একাংশ নামি পৰিছে ড্ৰাগছ ব্যৱসায়ত

Last Updated :Feb 23, 2024, 9:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.