অসম

assam

শিলচৰ লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৭৯.০৫ শতাংশ: সৰ্বাধিক ভোটদান কাটিগড়াত - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 4:34 PM IST

LOK SABHA ELECTION 2024: শুকুৰবাৰে অনুষ্ঠিত ভোটগ্ৰহণত শিলচৰ লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৭৯.০৫ শতাংশ । ২০১৯ চনত সমষ্টিত ভোটদানৰ হাৰ আছিল ৭৯.৩১ শতাংশ ।

SILCHAR LOK SABHA CONSTITUENCY
শিলচৰ লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৭৯.০৫ শতাংশ

গুৱাহাটী, ২৮ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অৰ্থাৎ 26 এপ্ৰিলত অনুষ্ঠিত হৈ যায় ৰাজ্যৰ পাঁচটা সমষ্টিত ভোটগ্ৰহণ ৷ নিৰ্বাচন আয়োগৰ তথ্য মতে ৰাজ্যৰ পাঁচটা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিলে ৮১.৯৭ শতাংশ লোকে । ৰাজ্যৰ পাঁচটা সমষ্টিৰ লগতে শিলচৰ লোকসভা সমষ্টিতো প্ৰায় শান্তিপূৰ্ণভাৱেই ভোটগ্ৰহণ সম্পন্ন হয় । সংসদীয় সমষ্টিটোৰ কোনো ভোটকেন্দ্ৰত নিশা পৰ্যন্ত চলিল ভোটগ্ৰহণ ।

ভিতৰুৱা অঞ্চলৰ কেবাটাও ভোটকেন্দ্ৰত নিশা প্ৰায় দহ এঘাৰ বজা পৰ্যন্ত ভোটগ্ৰহণ হয় । তথ্য মতে, শিলচৰ লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৭৯.০৫ শতাংশ । ২০১৯ চনত শিলচৰত লোকসভা সমষ্টিত ভোটদানৰ হাৰ আছিল ৭৯.৩১ শতাংশ । শিলচৰ লোকসভা সমষ্টিত আছে মুঠ ৭ টা বিধানসভা সমষ্টি ৷ সেইকেইটা হ’ল- শিলচৰ, সোণাই, ধলাই(SC), উধাৰবন্দ, লক্ষীপুৰ, বৰখলা আৰু কাটিগড়া । শিলচৰ লোকসভা সমষ্টিত আছে ১৩,৫১,৪৯৬ ভোটাৰ ৷ ইয়াৰে ভিতৰত মহিলা ভোটাৰৰ সংখ্যা : ৬৭,৫১৪১ গৰাকী , পুৰুষ মহিলাৰ সংখ্যা : ৬৭,৬৩৩১ জন আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা : ২৪ গৰাকী ৷

নিৰ্বাচন আয়োগৰ তথ্য মতে, শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি বৰগোলাত ৮২.৪৬ শতাংশ, ধোলাইত ৭৮.৬৪ শতাংশ, কাটিগড়াত ৮২.৪৭ শতাংশ, লক্ষীপুৰত ৭৭.০৬ শতাংশ, শিলচৰত ৭৫.১১ শতাংশ, সোণাইত ৭৮.৮৭ শতাংশ আৰু উদাৰবন্দ বিধানসভা সমষ্টিত ভোটদানৰ হাৰ ৭৮.৪৫ শতাংশ ।

উল্লেখ্য যে লোকসভা নিৰ্বাচনত শিলচৰ সমষ্টিত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ পৰিমল শুক্লবৈদ্য, বিজেপি; সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ; ৰাধেশ্যাম বিশ্বাস তৃণমূল কংগ্ৰেছ; অনন্ত মোহন ৰায়, নিৰ্দলীয়; বাৰিন্দ্ৰ কুমাৰ দাস, বেংগলী নৱ নিৰ্মাণ সেনা; প্ৰভাস চন্দ্ৰ সৰকাৰ, SUCI; ৰাজীৱ দাস, বহুজন মহা পাৰ্টী‌ আৰু ৰাজু দাস, নিৰ্দলীয় ।

বেছিভাগ সময় কংগ্ৰেছৰ দখলত থকা সমষ্টিটো ২০১৯ত বিজেপিয়ে নিজৰ দখললৈ নিয়ে ৷ বিজেপিৰ দখলত থকা সমষ্টিটোৰ বিদায়ী সাংসদ ডাঃ ৰাজদীপ ৰয় । ২০১৯ ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ ডাঃ ৰাজদ্বীপ ৰয়ে ৪,৯৯,৪১৪ টা ভোট লাভ কৰিছিল ৷ ৰাজদ্বীপ ৰয়ে মুঠ ভোটৰ ৫২ শতাংশ ভোট লাভ কৰিছিল । বিপৰীতে কংগ্ৰেছৰ সুস্মিতা দেৱে ৪,১৭,৮১৮টা ভোট লাভ কৰি লাভ কৰিছিল । শিলচৰ লোকসভা সমষ্টিৰ মুঠ আঠগৰাকী প্ৰাৰ্থীৰ ভিতৰত শেষ হাঁহি কোনে মাৰিব, সেয়া জানিব পৰা যাব ফলাফলতহে ৷

লগতে পঢ়ক:ৱাৰ্ডে ৱাৰ্ডে চাৰি মন্ত্রী : গুৱাহাটীত অভিলেখ গঢ়াৰ বাবে তৎপৰ বিজেপি

ABOUT THE AUTHOR

...view details