অসম

assam

নিৰ্বাচনী হিংসা : তেজপুৰ জিলা কংগ্ৰেছৰ সভাপতিক আক্ৰমণৰ অভিযোগ - Tezpur Political Violence

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 11:09 PM IST

শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত নদুৱাৰ বিধান সভা সমষ্টিত নিৰ্বাচনী হিংসা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ তেজপুৰ জিলা কংগ্ৰেছৰ সভাপতিক আক্ৰমণৰ অভিযোগ ৷

TEZPUR DISTRICT CONGRESS
নিৰ্বাচনী হিংসাৰ অভিযোগ

তেজপুৰ জিলা কংগ্ৰেছৰ সভাপতিক আক্ৰমণৰ অভিযোগ

তেজপুৰ, 1 এপ্ৰিল : তেজপুৰত নিৰ্বাচনী হিংসা ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত নদুৱাৰ বিধান সভা সমষ্টিত নিৰ্বাচনী হিংসা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ তেজপুৰ জিলা কংগ্ৰেছৰ সভাপতিক আক্ৰমণৰ অভিযোগ ৷ বিজেপি কৰ্মীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে তেজপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকীয়ে ৷

নদুৱাৰ সমষ্টিৰ পাঁচমাইলত সংঘটিত হৈছে এই ঘটনা ৷ জানিব পৰা মতে জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকীসহ কংগ্ৰেছৰ এটা দল গৈছিল 4 নং শিৰোৱনিলৈ ৷ নিৰ্দিষ্ট স্থানৰ পৰা ওভতাৰ পথত বাইকত অহা 10/12 জনীয়া দলে জিলা সভাপতিসহ দলটোক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তেজপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকীয়ে এজাহাৰ দাখিল কৰা বুলি সদৰী কৰিছে ৷ তেজপুৰ সদৰ আৰক্ষী নিৱেশত নিশা অভিযোগ দাখিল কৰি জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিজেপি কৰ্মীয়ে তেওঁৰ As 01 DN 0365 নম্বৰৰ স্কৰপিঅ’ বাহনখনৰ গ্লাছ ভাঙি তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লয় বুলি অভিযোগ কৰে ৷

লগতে পঢ়ক :বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ মহাভিযোগনামা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details