ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ মহাভিযোগনামা - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 7:04 PM IST

Charge sheet against BJP : "ৰাইজে ৰাজতন্ত্ৰ বিচাৰেনে গণতন্ত্ৰ বিচাৰে সেয়া নিজে সিদ্ধান্ত লব লাগিব ৷ অসমত গণতন্ত্ৰৰ নামত ৰাজতন্ত্ৰ চলিছে ৷" এই মন্তব্য গৌৰৱ গগৈৰ ৷

Charge sheet against BJP
বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ মহাভিযোগনামা

বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ মহাভিযোগনামা

শিৱসাগৰ, 1 এপ্ৰিল : সন্মুখত নিৰ্বাচন ৷ সোমবাৰে শিৱসাগৰৰ ৰাজীৱ ভৱনত সাংসদ তথা যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে এখন সংবাদমেলৰ আয়োজন কৰে ৷ গগৈক এই সংবাদমেলত বিধায়ক দেৱব্ৰত শইকীয়া, কংগ্ৰেছ দলৰ মিডিয়া গোটৰ অধক্ষ্য বেদব্ৰত বৰাৰ লগতে জিলা কংগ্ৰেছৰ বিষয়ববীয়াই সংগ দিয়ে।

সংবাদমেলখনতে ৰাইজলৈ গোহাৰি নামৰ এক পত্ৰিকা উন্মোচন কৰাৰ লগতে বিৰোধী মিত্ৰজোঁটৰ হৈ বিজেপি চৰকাৰৰ কাম-কাজক সমালোচনা কৰি মহা-অভিযোগনামা উন্মোচন কৰা হয় ।

সংবাদমেলত গৌৰৱ গগৈয়ে কয় যে, নিৰ্বাচন হৈছে গণতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ ৷ নিৰ্বাচন মনোৰঞ্জন নহয় । নিৰ্বাচন দুই ব্যক্তিৰ মাজত যুঁজ নহয় ৷ নিৰ্বাচন ৰাইজৰ অভাৱ-সমস্যাৰ প্ৰকৃত প্ৰতিফলনৰ নামান্তৰ ।

বিজেপি চৰকাৰক ৰাজতন্ত্ৰ আখ্যা দি গগৈয়ে কয় যে ৰাইজে ৰাজতন্ত্ৰ বিচাৰেনে গণতন্ত্ৰ বিচাৰে সেয়া নিজে সিদ্ধান্ত লব লাগিব ৷ অসমত গণতন্ত্ৰৰ নামত ৰাজতন্ত্ৰ চলিছে ৷ কা অসমৰ ৰাইজে নামানে, কা ৰ বিৰোধ কৰিলে চৰকাৰে আইনী ধাৰা জাপি জেইলত ভৰাই দিয়ে । লোকতন্ত্ৰত জনপ্ৰতিনিধিসমূহ হৈছে ৰাইজৰ সেৱক ৷ অসমৰ ৰাইজে ভাবিব লাগিব ৰজা বিচাৰেনে সেৱক বিচাৰে !

গগৈয়ে লগতে কয় যে, চাহ বাগানত বিজেপিৰ ছিণ্ডিকেট চলিছে আৰু ই দিল্লীৰ পৰা নিয়ন্ত্ৰণ হৈছে ৷ বিজেপিৰ মানুহে বাগান কিনিছে, কিনাই নহয় বাগান বন্ধ কৰিছে ৷ বাগান কেলেংকাৰী ইলেক্টৰেল বণ্ডতকৈ ডাঙৰ । এই কেলেংকাৰীৰ ফলত বাগানৰ শ্ৰমিকসকল ভূমিহীন হ'বলৈ গৈ আছে।

বিজেপি দলৰ ৰাজতন্ত্ৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি গগৈয়ে কয়, চুকাফা যদিও ৰজা আছিল তেওঁ লোকতন্ত্ৰ স্থাপন কৰিছিল ৷ ৰাইজে চীন তথা ৰাচিয়াৰ দৰে এক দলৰ মডেল অনুসৰণ নকৰে । গতিকে ৰাইজে গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে এইবাৰ নিৰ্বাচনত ভোটদান কৰিব ।

গৌৰৱ গগৈক বিৰোধী ঐক্যৰ দলে চিপৰাং মৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত তেওঁ কয়, "বিজেপিয়ে পুৰণা অগপ পুৰণি বিজেপি কৰ্মীসকলক আঁতৰাই ৰাখিছে ৷ পুৰণি বিজেপি কৰ্মীসকলক অৱহেলা কৰিছে ৷ কংগ্ৰেছৰ নেতা দুটা ভাগত প্ৰব্ৰজন হৈছে বিজেপিলৈ ৷ কিছুমান কংগ্ৰেছ নেতাই আমাক এৰি থৈ গ'ল এচাম নেতাৰ লগত কাম কৰিব নোৱাৰো বুলি ৷ এতিয়া আমি ভাল পাইছো ৷ আমাৰ ঘৰখনত এতিয়া শান্তি হৈছে ৷"

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ দাবীক সমালোচনা কৰি সাংসদগৰাকীয়ে কয় যে, অসম উন্নয়নৰ ক্ষেত্ৰত কিমান স্থানত আছে নাজানো, কিন্ত প্ৰদূষণৰ ক্ষেত্ৰত 1 নং স্থানত আছে। অসমৰ প্ৰদূষণক লৈ কাম কৰাৰ প্ৰয়োজন আছে । বিজেপি দলে চৰকাৰী তন্ত্ৰটো নিৰ্বাচনৰ নামত ব্যৱহাৰ কৰিছে । এই বিষয়ত নিৰ্বাচন আয়োগক বহু অভিযোগ দিয়া হৈছে যদিও এই সমূহ অভিযোগৰ ওপৰত কি ব্যৱস্থা লৈছে সেই প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে ।

আনহাতে গগৈয়ে ইলেক্টৰেল বণ্ডৰ কেলেংকাৰীৰ ওপৰিও বিজেপি দলৰ বিভিন্ন অপশাসন সন্দৰ্ভত সৰৱ হৈ পৰে । তেওঁ ৰাইজক সেৱক হৈ নিৰ্বাচন কৰিবলৈ ভোট প্ৰদান কৰাৰ আহবান জনায় ৷

লগতে পঢ়ক: ৰকিবুল হুছেইনৰ সৈতে এতিয়াও ককাই-ভাইৰ দৰেই সম্পৰ্ক আছে: সুৰেশ বৰা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.