অসম

assam

হাগ্ৰামা মহিলাৰী-দূৰ্গাদাস বড়োক বৰ্জন নেমছুৰ - LOK SABHA ELECTION 2024

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 4:00 PM IST

Darrang Udalguri Lok Sabha constituency: দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ লগতে প্ৰাৰ্থী দূৰ্গাদাস বড়োৰ বিৰুদ্ধে সৰৱ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা । ২০০৮, ২০১২ত গোষ্ঠীগত সংঘৰ্ষত সংখ্যালঘু লোকে প্ৰাণ হেৰুওৱাত ক্ষোভ নেমছুৰ ।

NEMSU
উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা

উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা

ৰৌতা, ২২ এপ্ৰিল:"হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে সংখ্যালঘু মুছলমানৰ ভোট বিচৰাৰ নৈতিক অধিকাৰ নাই ৷ হাগ্ৰামা মহিলৰীয়ে সংখ্যালঘুৰ নিৰাপত্তাৰ কথা কোৱাটো হাস্যকৰ ৷ " এই মন্তব্য় উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ সভাপতি বদৰুল ইছলামৰ । আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ সভাপৰিগৰাকীয়ে বিপিএফৰ লগতে দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰৱ হৈ এইদৰে মন্তব্য় কৰে । দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিপিএফ প্ৰাৰ্থী দূৰ্গাদাস বড়োক কোনো কাৰণতে নেমছুৱে সমৰ্থন নকৰে বুলি উল্লেখ কৰি তেওঁ আনকি সংখ্য়ালঘু ৰাইজক প্ৰধান হাগ্ৰামা মহিলাৰী আৰু দূৰ্গাদাস বড়োক বৰ্জন কৰিবলৈ আহ্বান জনায় ।

উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে এই প্ৰসংগত সৰৱ হৈ কয়,"হাগ্ৰামা মহিলাৰী আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থীক আমি নেমছুৱে বৰ্জন কৰিছো ৷" নেমছুৰ সভাপতি বদৰুল ইছলামে পুনৰ কয়," বিপিএফৰ ১৭ বছৰীয়া বিটিচিৰ শাসনত ২০০৮,২০১২ত গোষ্ঠীগত সংঘৰ্ষত বহু সংখ্যালঘু লোকে প্ৰাণ হেৰুৱাইছিল ৷ বহুতেই আশ্ৰয়হীন হ'বলগীয়া হৈছিল ৷ মহিলাৰীৰ শাসনত বিটিচিৰ আকাশত কলা ধোঁৱা উৰিছিল ৷"

তেওঁ কয়," এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যা হ’ল তেওঁৰ শাসন কালতেই ৷ ১৯৯৬ত আদিবাসীৰ ওপৰত আক্ৰমণ চলিছিল ৷ সেইজন নেতাই এতিয়া সংখ্যালঘু ৰাইজৰ কাষলৈ গৈ ভোট বিচৰাৰ নৈতিক অধিকাৰ নাই ৷ হাগ্ৰামাৰ শাসন কালত সংখ্যালঘু মুছলমানৰ বাবে ক'লাদিন আছিল ৷ "

ইপিনে,দলগাঁও সমষ্টিৰ এআইইউডিএফৰ বিধায়ক মজিবুৰ ৰহমানে বিপিএফৰ প্ৰাৰ্থী দূৰ্গাদাস বড়োৰ হৈ ভোট বিচৰা কাৰ্যক তীব্ৰ সমালোচনা কৰি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে কয়,"সংখ্যালঘু ৰাইজক হাগ্ৰামা মহিলাৰীৰ ওচৰত বিক্ৰী কৰিবলৈ দিয়া নহয় ৷ দৰং-ওদালগুৰি সমষ্টিত বিপিএফৰ প্ৰাৰ্থী দূৰ্গাদাস বড়োক নেমছুৱে বৰ্জন কৰাৰ কথা প্ৰকাশ কৰি সংখ্যালঘু মুছলমান ৰাইজক হাগ্ৰামা মহিলাৰী আৰু দূৰ্গাদাস বড়োক প্ৰত্যাখ্যান কৰিবলৈ আহবান জনায় ৷

লগতে পঢ়ক:আগন্তুক নিৰ্বাচন সন্দৰ্ভত কোকৰাঝাৰত আয়োজন নেমছুৰ সাধাৰণ সভা

ABOUT THE AUTHOR

...view details