ETV Bharat / state

আগন্তুক নিৰ্বাচন সন্দৰ্ভত কোকৰাঝাৰত আয়োজন নেমছুৰ সাধাৰণ সভা

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 11:17 AM IST

Kokrajhar NEMSU : কোকৰাঝাৰত আয়োজন নেমছুৰ জিলা সমিতিৰ এখন সাধাৰণ সভা ৷ সভাত আগন্তুক নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় ৷

আগন্তুক নিৰ্বাচন সন্দৰ্ভত কোকৰাঝাৰত আয়োজন নেমছুৰ সাধাৰণ সভা
আগন্তুক নিৰ্বাচন সন্দৰ্ভত কোকৰাঝাৰত আয়োজন নেমছুৰ সাধাৰণ সভা

আগন্তুক নিৰ্বাচন সন্দৰ্ভত কোকৰাঝাৰত আয়োজন নেমছুৰ সাধাৰণ সভা

কোকৰাঝাৰ, 4 মাৰ্চ : দেওবাৰে কোকৰাঝাৰত অনুষ্ঠিত হয় উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ এখন সাধাৰণ সভা ৷ কোকৰাঝাৰ চহৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সাধাৰণ সভাত কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ অহা নেমছুৰ দুই শতাধিক সদস্যই অংশগ্ৰহণ কৰে ।

উক্ত সাধাৰণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম । মুখ্য অতিথিৰ ভাষণত নেমছুৰ সভাপতি বদৰুল ইছলামে কয়, ‘‘ভাৰত স্বাধীন হোৱাৰ পিচত কোনো এখন চৰকাৰে আজিলৈ ধৰ্মীয় সংখ্যালঘু জনতাৰ উন্নয়নৰ বাবে কাম নকৰিলে । ধৰ্মীয় সংখ্যালঘুসকল সদায় শোষিত-বঞ্চিত-লাঞ্চিত হৈ আহিছে আৰু মাথোঁ ভোটবেংক হিচাপে ব্যৱহাৰ হৈ আহিছে’’ ।

‘‘প্ৰতিটো নিৰ্বাচনৰ আগত ৰাজনৈতিক দলবোৰে বহু প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পিচত সেয়া ফুটুকাৰফেনত পৰিণত হয় । কি কংগ্ৰেছ, কি বিজেপি সকলো ৰাজনৈতিক দলবোৰ একেই ৷’’ এই বুলি মন্তব্য কৰি নেমছুৰ সভাপতি বদৰুল ইছলামে বিটিআৰ চৰকাৰকো সমালোচনা কৰে ।

NEMSU meeting held in Kokrajhar
আগন্তুক নিৰ্বাচন সন্দৰ্ভত কোকৰাঝাৰত আয়োজন নেমছুৰ সাধাৰণ সভা

‘‘বিটিআৰ পাৰিষদত ধৰ্মীয় সংখ্যালঘূ সম্প্ৰদায়ৰ পৰা এজনো কাৰ্যবাহী সদস্য বা নিৰ্বাচিত সদস্য নাই ৷ আনকি মনোনিত সদস্য এগৰাকীও বিটিআৰ পাৰিষদত নাই ৷ ইয়াৰ বাবেই বিটিআৰ এলেকাত ধৰ্মীয় সংখ্যালঘূ সম্প্ৰদায় উন্নয়নৰ পৰা বঞ্চিত হৈ আহিছে ।’’ এই মন্তব্য বদৰুল ইছলামৰ ৷

তদুপৰি 50 বছৰ বয়সৰ উৰ্ধৰ ৰাজনীতিবিদসকলক পদ-ক্ষমতা এৰি যুৱ প্ৰজন্মৰ হাতত গোটাই দিবলৈ আহ্বান জনায় বদৰুল ইছলামে ৷ অন্যথা প্ৰতিশ্ৰুতি পালন নকৰা সংখ্যালঘু নেতাসকলক জাতিদ্ৰোহী বুলি ঘোষণা কৰা হ'ব আৰু ভোটাৰ ৰাইজৰ সহযোগত তেনে নেতাসকলক পহুখেদা দিয়া হ'ব বুলিও তেওঁ উল্লেখ কৰে ৷

আনহাতে নিৰ্বাচনত ছাত্ৰ সংগঠন হিচাপে কোনো ৰাজনৈতিক দলক সমৰ্থন নকৰে যদিও যি ৰাজনৈতিক দলে জাতি-বৰ্ণ- নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ লগতে সংখ্যালঘু জনতাৰো উন্নয়ন কৰিব, তেনে দল বা প্ৰাৰ্থীৰ সৈতে সংখ্যালঘু জনতা সদায় থাকিব বুলিও মন্তব্য কৰে নেমছুৰ সভাপতি বদৰুল ইছলামে ৷

উল্লেখ্য যে, দেওবাৰে আয়োজিত এই সভাত নেমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জাকিৰ হুছেইন তালুকদাৰ, সহকাৰী সাধাৰণ সম্পাদক হাফিজুৰ ৰহমান, সাংগঠনিক সম্পাদক বাহাৰুল ইছলাম, প্ৰচাৰ সম্পাদক অৰ্শাদ আলীসহ ছাত্ৰ সংগঠনৰো কেইবাগৰাকী কেন্দ্ৰীয় আৰু জিলা নেতৃবৃন্দ উপস্থিত থাকে ৷

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি দলত যোগদান বিভিন্ন দল-সংগঠনৰ নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.