অসম

assam

কংগ্ৰেছে চৰকাৰ গঠন কৰিলে কি হ'ব ভাবিলেই ভয় লাগে : পীযুষ হাজৰীকা - Lok Sabha elections 2024

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 5:09 PM IST

Pijush Hazarika slams Congress: সোণাৰিৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী পীযুষ হাজৰীকা । এই সভাতেই মন্ত্ৰীগৰাকীয়ে তীব্ৰ সমালোচনা কৰিলে কংগ্ৰেছক । টিকটৰ নামত ধনৰ লেনদেন কৰা ঘটনাৰ তদন্তৰ দাবী জনায় কেবিনেট মন্ত্ৰীগৰাকীয়ে ।

Minister Pijush Hazarika
মন্ত্ৰী পীযুষ হাজৰীকা

মন্ত্ৰী পীযুষ হাজৰীকা

মৰাণ, ৩ এপ্ৰিল: প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে যোৰহাট লোকসভা সমষ্টিত তীব্ৰতৰ হৈ উঠিছে প্ৰচাৰ অভিযান । বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক দ্বিতীয়বাৰৰ বাবে জয়ী কৰাবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি সকলো কেবিনেট মন্ত্ৰী-বিধায়ক ব্যস্ত এতিয়া যোৰহাট লোকসভা সমষ্টিত । কিয়নো তপন কুমাৰ গগৈৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ব্যাপক প্ৰচাৰ অভিযান চলাইছে সমষ্টিটোত । মুখ্যমন্ত্ৰীৰ নিদেৰ্শত মন্ত্ৰী পীযুষ হাজৰীকাই যোৰহাটত বাহৰ পাতি তপন কুমাৰ গগৈৰ হৈ মাৰাথন প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ।

দুদিনৰ পূৰ্বে চৰাইদেউ জিলাৰ সোণাৰিত গৌৰৱ গগৈয়ে নিবাৰ্চনী প্ৰচাৰ চলাই যোৱাৰ পাচত আজি চৰাইদেউত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকা । সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক লগত লৈ সোণাৰিত অংশগ্ৰহণ কৰিছে নিৰ্বাচনী প্ৰচাৰ সভাত । এই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শেহতীয়াকৈ কংগ্ৰেছ দলে টিকট দিয়াৰ নামত বৃহৎ পৰিমাণৰ ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপন হোৱা পাচতেই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিলে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী পীযুষ হাজৰীকাই এই সন্দৰ্ভত কয়," টিকটৰ নামতেই যদি কংগ্ৰেছে টকাৰ লেনদেন কৰে তেন্তে চৰকাৰ গঠন কৰিলে কি হ'ব ভাবিলেই ভয় লাগে ।" টিকটৰ নামত ধন লেনদেন কৰা ঘটনাৰ উচিত তদন্তৰ দাবী জনাই মন্ত্ৰী হাজৰীকাই । উক্ত সভাতেই মন্ত্ৰী পীযুষ হাজৰীকা গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক তীব্ৰ সমালোচনা কৰি কয়," বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে আঢ়ৈ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব ।"

গৌৰৱ গগৈৰ সভাত মানুহেই নাই বুলি কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয়," এইকেইটা দিন মই যোৰহাটতে আছো । কংগ্ৰেছৰ সভাত মানুহেই নহয়, আমাৰ মিটিঙত মানুহেই মানুহ । মই প্ৰতিদিনে দহ হেজাৰ মানুহক লগ পাওঁ, কিন্তু গৌৰৱ গগৈয়ে বেছিকৈ বেছি এক হেজাৰ লোকক লগ পায় ।" ইপিনে, তেওঁ যোগদান সন্দৰ্ভত কয়," ভয় ভাবুকি দেখুৱাই আমি কেতিয়াও দলত যোগদান নকৰোৱাওঁ ।" সোণাৰি সমষ্টিৰ ৰাইজ অত্যন্ত সুখী বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে মেডিকেল কলেজকে ধৰি ৰাস্তা-পদুলি ভাল হৈছে । গতিকে বিজেপিকে ভোট দিবলৈ ৰাইজ সাজু হৈছে বুলিও কয় মন্ত্ৰী পীযুষ হাজৰীকাই ।

লগতে পঢ়ক:গৌৰৱ গগৈয়ে পেৰাচ্যুট লেণ্ডিং নকৰাহেঁতেন কংগ্ৰেছ দলৰ এই দুদৰ্শা নহ’ল হয়: পীযুষ হাজৰীকা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details