ETV Bharat / politics

গৌৰৱ গগৈয়ে পেৰাচ্যুট লেণ্ডিং নকৰাহেঁতেন কংগ্ৰেছ দলৰ এই দুদৰ্শা নহ’ল হয়: পীযুষ হাজৰীকা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 9:57 PM IST

Jorhat LS Seat
মন্ত্ৰী পীযুষ হাজৰীকাৰ নিৰ্বাচনী প্ৰচাৰ

Jorhat LS Seat : পিতৃৰ সৈতে লগ লাগি গৌৰৱ গগৈয়ে আমাক কংগ্ৰেছৰ পৰা উলিয়াই দিলে বুলি অভিযোগ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ কংগ্ৰেছৰ আজিৰ এই অৱস্থাৰ মূলতে গৌৰৱ গগৈ বুলি অভিযোগ উত্থাপন কৰে মন্ত্ৰীজনে ৷

গৌৰৱ গগৈক সমালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ

আমগুৰি, 1 এপ্ৰিল : "কংগ্ৰেছ দলটো নাইকীয়াই কৰিলে ৷ পিতৃৰ সৈতে লগ লাগি তেওঁ আমাক উলিয়াই দিলে ৷ আজি কংগ্ৰেছৰ এই অৱস্থাৰ মূলতে হ’ল গৌৰৱ গগৈ ৷" সোমবাৰে আমগুৰিৰ হালোৱাটিঙত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক এইদৰে তীব্ৰ কটাক্ষ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰে মন্ত্ৰীগৰাকী ৷

মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছৰ আজিৰ এই অৱস্থাৰ মূলতে গৌৰৱ গগৈ বুলি অভিযোগ উত্থাপন কৰে ৷ তেওঁ কয় যে, গৌৰৱ গগৈয়ে যদি হঠাতে পেৰাচ্যুট লেণ্ডিং নকৰিলে হয়, হঠাতে বিদেশৰ পৰা আহি যদি ৰাজনৈতিক কু-চক্ৰান্ত আৰম্ভ নকৰিলে হয়, হয়তো তেতিয়া কংগ্ৰেছ দলৰ এই দুদৰ্শা নহ’ল হয় ৷ সৰুৰে পৰা কংগ্ৰেছৰ ছাত্ৰ সংগঠন কৰা, তৃণমূল পৰ্যায়ত টেবুল পতাৰ পৰা মন্ত্ৰী পীযুষ হাজৰীকাই ৰাজনীতি আৰম্ভ কৰা বুলি উল্লেখ কৰি কয় যে, গৌৰৱ গগৈয়ে এনে কাম কেতিয়াও কৰা নাছিল ৷ তেখেত ওপৰৰ পৰা জঁপিয়াই আহিলে, কাৰোবাক বেয়া পায় ওলাই যাব লাগে, হিমন্ত বিশ্ব শৰ্মাক বেয়া পায় ওলায় যাব লাগে, এনেদৰে ওলায় ওলায় এতিয়া কংগ্ৰেছ কৰা মানুহ নাইকিয়া হৈ থাকিল বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ৷

আনহাতে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ দুইৰ পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত হাৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, বিজেপিৰ প্ৰচাৰ তুংগত হৈছে ৷ ব্যৱধান বা পাৰ্থক্য স্পষ্ট হৈছে ৷ কংগ্ৰেছ দলৰ কোনো এখন সভাতে দুশৰ পৰা আঢ়ৈশৰ ওপৰত মানুহ হোৱা নাই ৷ কিন্তু বিজেপিয়ে সাধাৰণ এখন সভা পাতিলেও এক হাজাৰৰ ওপৰত মানুহ হয় বুলি উল্লেখ কৰে মন্ত্ৰী জনে ৷

লগতে পঢ়ক : বদৰুদ্দিন আজমল-ৰকিবুল হুছেইনৰ বিৰুদ্ধে ধুবুৰীৰ নিৰ্বাচনী যুঁজত শুকুৰ আলী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.