অসম

assam

মণিপুৰৰ ভোটগ্ৰহণ কেন্দ্ৰত গুলীচালনা : অপ্ৰীতিকৰ পৰিস্থিতি - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 4:12 PM IST

Updated : Apr 19, 2024, 4:57 PM IST

মণিপুৰৰ ইনাৰ 2-নং লোকসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ সময়ত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘাতৰ সৃষ্টি হয় আৰু পৰৱৰ্তী সময়ত গুলীচালনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ৷ গুলীচালনাকাণ্ডৰ পিচত আই এন চিৰ প্ৰাৰ্থী বিমল আকোইজামে হিংসাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৷

MANIPUR LS ELECTION POLLING
কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘাত

মণিপুৰৰ ভোটগ্ৰহণ কেন্দ্ৰত গুলীচালনাৰ ঘটনা

তেজপুৰ, 19 এপ্ৰিল :অশান্ত জৰ্জৰিত মণিপুৰৰ ইনাৰ 2-নং লোকসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ সময়ত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘাতৰ সৃষ্টি হয় আৰু পৰৱৰ্তী সময়ত গুলীচালনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ৷ মণিপুৰত ইনাৰ আৰু আউটাৰ দুয়োটা লোকসভা সমষ্টিৰ বাবে শুকুৰবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷ ইনাৰ মণিপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী আংগোমচা বিমোল আকোইজাম আৰু বিজেপি প্ৰাৰ্থী বসন্ত সিঙৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ ফলত সুৰক্ষা বাহিনীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ৷

গুলীচালনাৰ পিচত ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ কংগ্ৰেছ প্ৰাৰ্থী আংগোমচা বিমোল আকোইজামৰ লগত বাকযুদ্ধত অৱতীৰ্ণ হোৱা দেখা যায় ৷ আনহাতে ভোটদানৰ সময়ত কেইৰাও সমষ্টিৰ অন্তৰ্গত কিয়ামগেইত গুলীচালনাৰ পিচত আই এন চিৰ প্ৰাৰ্থী বিমল আকোইজামে হিংসাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৷

ইফালে ভোটগ্ৰহণৰ মাজতে শুকুৰবাৰে মণিপুৰৰ মৈৰাং ছেগমেণ্টৰ থামানপোকপিৰ এটা ভোটকেন্দ্ৰৰ সমীপত এদল দুষ্কৃতিকাৰীয়ে কেইবাজাঁই গুলীচালনা কৰে ৷ অৱশ্যে এই ঘটনাত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। এই গুলীচালনাৰ ফলত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ শাৰী পাতি থকা ভোটাৰসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

উল্লেখ্য যে ৰাজ্যখনৰ মুঠ 15,44,652 জন ভোটাৰৰ 7,41,849 জন পুৰুষ, 8,02,557 গৰাকী মহিলা আৰু 246 জন তৃতীয় লিংগৰ ভোটাৰে ভোটদান কৰিছে ৷ মণিপুৰত 645 টা ভোটকেন্দ্ৰ আছে আৰু ইয়াৰে 96 টা সম্পূৰ্ণৰূপে মহিলা ভোটগ্ৰহণ কৰ্মীয়ে পৰিচালনা কৰে ৷ ইয়াৰ উপৰিও 2টা ভোটকেন্দ্ৰ বিশেষভাৱে সক্ষম লোকে পৰিচালনা কৰিব ৷ তদুপৰি 85 টা বিশেষ ভোটগ্ৰহণ 2020 ত আভ্যন্তৰীণভাৱে স্থানচ্যুত ভোটাৰৰ বাবে স্থাপন কৰা হৈছে ৷ বিষ্ণুপুৰ, থৌবাল, কাকচিং, চুৰাচান্দপুৰ আৰু কংপোকপি জিলাত মুঠ 18,091 জন আভ্যন্তৰীণভাৱে স্থানচ্যুত ভোটাৰে নিজৰ নিজৰ বিশেষ ভোটদান সাব্যস্ত কৰিছে ৷ ৰাজ্যখনত ভোটগ্ৰহণৰ বাবে আঠ হাজাৰৰো অধিক বিষয়া-কৰ্মাচাৰী নিয়োগ কৰা হৈছে ৷

1- ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে মুঠ 6 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ আনহাতে 2-আউটাৰ মণিপুৰ (এছ টি) সংসদীয় সমষ্টিৰ বাবে 4 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিং/ভিডিঅ'গ্ৰাফীৰ ব্যৱস্থা কৰা হৈছে ৷ সকলো ভোটকেন্দ্ৰতে পৰ্যাপ্ত সুৰক্ষা বাহিনী মোতায়েন কৰা হৈছে যদিও হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ আহি আছে ৷ ইয়াৰ উপৰিও সকলো জটিল ভোটকেন্দ্ৰ আৰু বিশেষ ভোটগ্ৰহণ কেন্দ্ৰত সূক্ষ্ম নিৰীক্ষণকাৰীক নিয়োগ কৰা হৈছে ৷ বিশেষভাৱে সক্ষম আৰু বয়োজ্যেষ্ঠ ভোটাৰৰ বাবে অনা-নিয়াৰ লগতে হুইল চেয়াৰৰ সুবিধাৰ উপলব্ধ কৰা হৈছে ৷ মুঠ 11,582 জন বিশেষভাৱে সক্ষম আৰু 289 জন ​​শতবৰ্ষীয় ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ৷

লগতে পঢ়ক :আজি অসমৰ ৫ সমষ্টিত ভোটগ্ৰহণ, ৩৫ প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব প্ৰায় ৮৭ লাখ ভোটাৰে - Lok Sabha Election 2024

Last Updated :Apr 19, 2024, 4:57 PM IST

ABOUT THE AUTHOR

...view details