ETV Bharat / state

আজি অসমৰ ৫ সমষ্টিত ভোটগ্ৰহণ, ৩৫ প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব প্ৰায় ৮৭ লাখ ভোটাৰে - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 12:40 PM IST

Updated : Apr 19, 2024, 1:37 PM IST

Lok Sabha Election 2024
প্ৰথম পৰ্যায়ত অসমৰ ৫ সমষ্টিত ভোটগ্ৰহণ

Lok Sabha Election 2024: প্ৰথম পৰ্যায় অৰ্থাৎ ১৯ এপ্ৰিলত অসমৰ ৫ টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ৩৫ প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব ৮৬,৪৭,৮৬৯ গৰাকী ভোটাৰে ৷ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নির্বাচন আয়োগে ।

গুৱাহাটী, ১৮ এপ্রিল : শুকুৰবাৰে অসমৰ ৫ টা সমষ্টিত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । প্রথম পর্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ বুধবাৰে সমাপ্ত হৈছে ৷ অসমত ৩ টা পর্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নির্বাচনৰ প্ৰথম পৰ্যায়ত শুকুৰবাৰে ৫ টা সমষ্টিৰ ভোটগ্ৰহণ হ'ব । ৰাজাখনত মুক্ত, নিকা আৰু শান্তিপূর্ণ নির্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে অসমৰ মুখ্য নির্বাচনী বিষয়াৰ নেতৃত্বত ইতিমধ্যে প্ৰস্তুতি সম্পূর্ণ কৰিছে নিৰ্বাচন আয়োগে ৷ ১৯ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে অনুষ্ঠিত হ'ব এই প্রথম পর্যায়ৰ ভোটগ্রহণ প্রক্রিয়া ।

প্রথম পৰ্যায়ৰ নির্বাচন হ'বলগীয়া ৫ টা সমষ্টি -

  • প্রথম পর্যায়ৰ ৫ টা সমষ্টিত আছে মুঠ ৩৫ গৰাকী প্রার্থী ।
  • মুঠ ১০,০০১ টা ভোটকেন্দ্ৰত হ'ব ভোটগ্ৰহণ । ইয়াৰ ভিতৰত আছে ৯২ টা আদর্শ ভোটকেন্দ্র ৷
  • বিপৰীতে বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১১ টা ৷
  • প্ৰথম পৰ্যায়ৰ ৫ টা সমষ্টিৰ ভোটগ্ৰহণত মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৭৫২টা ।
  • প্রথম পর্যায়ৰ নির্বাচনৰ বাবে নিয়োজিত কৰা পোলিং-প্রিজাইডিং বিষয়াৰ সংখ্যা হৈছে ৪০,০০৪ গৰাকী ।
  • মুঠ ১০,০০১ টা ভিভিপেট, ১০,০০১ টা বেলট ইউনিট, ১০,০০১ টা কণ্ট্ৰ'ল ইউনিট ব্যৱহাৰ কৰা হ'ব অসমৰ প্রথম পর্যায়ৰ নির্বাচনত ।

এইবাৰ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট - এই ৫ টা লোকসভা সমষ্টিত মুঠ ৩৫ গৰাকী প্রার্থীযে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে । ইয়াৰে-

  • কাজিৰঙা লোকসভা সমষ্টিত ১১ গৰাকী
  • শোণিতপুৰ লোকসভা সমষ্টিত ৮ গৰাকী
  • লখিমপুৰ লোকসভা সমষ্টিত ৯ গৰাকী
  • ডিব্ৰুগড় লোকসভা সমষ্টিত ৩ গৰাকী
  • যোৰহাট লোকসভা সমষ্টিত ৪ গৰাকী প্রার্থীয়ে নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে

৫ টা সমষ্টিৰ কিমান ভোটাৰে কৰিব ভোটদান :

  • প্রথম পৰ্যায়ৰ নির্বাচনত মুঠ ভোটাৰৰ সংখ্যা হ'ল ৮৬,৪৭,৮৬৯ গৰাকী
  • ইয়াৰে ৪২,৮২,৮৮৭ গৰাকী পুৰুষ ভোটাৰ
  • ৪৩,৬৪,৮৫৯ গৰাকী মহিলা ভোটাৰ
  • ১২৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ

ইতিমধ্যে প্রত্যেকটো লোকসভা সমষ্টিতে ভাৰতৰ নির্বাচন আয়োগে নিয়োগ কৰা কেন্দ্রীয় পর্যবেক্ষক (সাধাৰণ আৰু ব্যয়)ৰ উপৰিও অসমৰ মুখ্য নির্বাচনী বিষয়াই নিয়োগ কৰা মাইক্ৰ' অৱজাৰভাৰৰ দ্বাৰা নির্বাচন সম্পর্কীয় সকলো বিষয় সুক্ষ্মভাৱে পর্যৱেক্ষণ কৰি থকা হৈছে বুলি অসমৰ মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে জনাইছে । ভাৰতৰ মুখ্য নির্বাচন আযোগৰ নির্দেশমতে সফল আৰু শান্তিপূর্ণ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে অসমৰ ভোটকেন্দ্রত লাইভ মণিটৰিং, বেৱ কাষ্টিঙৰ ব্যৱস্থা কৰিছে । প্রথম পর্যায়ৰ নির্বাচনত মুঠ ৫৫০৯ টা ভোটকেন্দ্রত এই ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে ।

ইয়াৰ উপৰিও সকলো ভোটকেন্দ্রতে খোৱাপানীৰ ব্যৱস্থা, শৌচালয়, পর্যাপ্ত বিদ্যুৎ যোগানৰ ব্যৱস্থা, বিশেষভাৱে সক্ষম ভোটাৰ আৰু বয়স্ক লোকৰ বাবে ৰেম্প, হুইল চেয়াৰৰ ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰা হৈছে । আনহাতে, ভোটাৰ হেল্পলাইন এপ, KYC এপ, VIGIL এপ আদিৰ সহায়ত ভোটাৰসকলক ভোট প্রদানৰ সবিশেষ জনোৱাৰ সুবিধা কৰিছে আয়োগে । সৰ্বোচ্চ হাৰত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰি দেশৰ গণতান্ত্রিক ব্যৱস্থা শক্তিশালী কৰাৰ বাবে অসমত পদ্ধতিগত ভোটাধিকাৰ আৰু নির্বাচন প্রক্রিয়াত অংশগ্রহণ কার্যসূচী অর্থাৎ SVEEPৰ অন্তর্গত গাঁও আৰু নগৰ অঞ্চলত বিভিন্ন সজাগতামূলক কার্যসূচী গ্রহণ কৰা হৈছে ।

অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ ৪৫ লাখতকৈয়ো অধিক আত্মসহায়ক গোটৰ মহিলাই 'সাৰথি বাইদেউ' নামেৰে গাঁও আৰু নগৰ অঞ্চলত ভোটাৰসকলক আন আন সুবিধা আগবঢ়োৱাৰ লগতে পদ্ধতিগত ভোটদানৰ প্ৰশিক্ষণ প্রদান কৰিছে । আনহাতে ইতিমধ্যে ৰাজ্যৰ জনপ্ৰিয় অভিনেতা সিদ্ধার্থ শর্মা, দ্বীপজ্যোতি কেওঁট আৰু বিশেষভাৱে সক্ষম আইকণ ৰাকেশ বণিকক ৰাজ্যিক আইকণ হিচাপে নিযোজিত কৰি ভোটদানৰ বাবে ভোটাৰসকলক আকর্ষিত আৰু সজাগ কৰি তুলিবলৈয়ো প্ৰচেষ্টা হাতত লৈছে নিৰ্বাচন আয়োগে । অসমৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে সকলো ভোটাৰকে ভোট প্রদান কৰি বিশ্বৰ বৃহৎ গণতান্ত্রিক ব্যৱস্থাত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক :বিজেপি মিত্ৰজোঁটৰ তিনি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমলৈ জেপি নাড্ডা - Lok Sabha Election 2024

Last Updated :Apr 19, 2024, 1:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.