ETV Bharat / state

বিজেপি মিত্ৰজোঁটৰ তিনি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমলৈ জেপি নাড্ডা - Lok Sabha Election 2024

Lok Sabha Election 2024: দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ তিনি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ কোকৰাঝাৰত জয়ন্ত বসুমতাৰী, দৰং-ওদালগুৰিত দিলীপ শ‍ইকীয়া আৰু দুধনৈত গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত নির্বাচনী প্ৰচাৰ চলাব নাড্ডাই ৷

Etv Bharat
তিনি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমলৈ আহিব জেপি নাড্ডা
author img

By ETV Bharat Assamese Team

Published : April 18, 2024 at 10:46 AM IST

|

Updated : April 18, 2024 at 2:22 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৮ এপ্রিল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিচত অসমত শাসকীয় বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ অভিযানক জোৰদাৰ কৰি তুলিবলৈ বৃহস্পতিবাৰে অসমলৈ আহি আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ বুধবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নলবাৰীত অনুষ্ঠিত এক জনসভাত বিজেপি মিত্ৰজোঁটৰ বৰপেটা, দৰং- ওদালগুৰি, কোকৰাঝাৰ আৰু গুৱাহাটী সমষ্টিৰ প্রার্থীকেইগৰাকীৰ হৈ প্ৰচাৰ চলোৱাৰ পিচত আজি নাড্ডাৰ এই দিনজোৰা কাৰ্যসূচীয়ে মিত্ৰজোঁটৰ বাবে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি অৰ্থাৎ বৃহস্পতিবাৰে অসমত নির্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰিব । নাড্ডাই আজি তিনিটা লোকসভা সমষ্টিত প্ৰচাৰ চলাব বুলি বিজেপিৰ অসম প্ৰদেশৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে জানিবলৈ দিছে । নাড্ডাই কোকৰাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্রার্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত কোকৰাঝাৰৰ গ্রীন ফিল্ডত, দৰং-ওদালগুৰি সমষ্টিৰ প্রার্থী দিলীপ শ‍ইকীয়াৰ সমৰ্থনত ভেৰগাঁৱত আৰু গুৱাহাটী সমষ্টিৰ প্রার্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত দুধনৈত অনুষ্ঠিত হ'বলগীয়া নির্বাচনী সভাত অংশগ্ৰহণ কৰিব ।

প্ৰদেশ বিজেপিয়ে সদৰী কৰা মতে, আজি দিনৰ ১১.৪০ বজাত নাড্ডাই পশ্চিমবংগৰ পৰা হেলিকপ্টাৰৰে কোকৰাঝাৰলৈ আহিব । দিনৰ ১২.৩০ বজাত‌ কোকৰাঝাৰৰ গ্রীন ফিল্ডত সভা কৰি দিনৰ ১.৪০ বজাত তেওঁ পুনৰ হেলিকপ্টাৰৰে ওদালগুৰিলৈ যাব । দৰং ওদালগুৰিৰ প্রার্থী দিলীপ শ‍ইকীয়াৰ সমৰ্থনত ভেৰগাঁৱত দিনৰ ২ বজাত নাড্ডাই জনতাক সম্বোধন কৰিব । তাৰ‌ পিছত তেওঁ বিয়লি ৩.৩০ বজাত গোৱালপাৰাৰ দুধনৈত উপস্থিত হৈ গুৱাহাটী সমষ্টিৰ প্রার্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত আন এক সভাত ভাগ ল’ব ৷ এইদৰে তিনিটাকৈ কাৰ্যসূচীত অংশ লৈ অসম ভ্ৰমণ সামৰি সন্ধিয়া ৫.২৫ বজাত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা বিশেষ বিমানেৰে তেওঁ কেৰালালৈ উৰা মাৰিব।

উল্লেখ্য যে, কৰ্ণাটক, বিহাৰ, মহাৰাষ্ট্ৰ, তামিলনাডুৰ দৰে ৰাজ্যত ২০১৯ চনৰ লোকসভা নির্বাচনত বিজেপিয়ে যিমান সংখ্যক আসন পাইছিল, তাৰ তুলনাত ২০২৪ চনৰ নিৰ্বাচনত আসনৰ সংখ্যা হ্ৰাস পোৱাৰ আশংকা কৰা হৈছে । সেয়ে দলটোৱে এইসমূহ ৰাজ্যত হ'ব পৰা ক্ষতিৰ জোৰা মাৰিবৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সর্বশক্তি প্রয়োগ কৰিছে । স্বয়ং প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই উত্তৰ-পূৰ্বাঞ্চলত নির্বাচনী প্ৰচাৰত অধিক গুৰুত্ব দিছে ।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে গুৱাহাটী, নলবাৰীত নির্বাচনী প্ৰচাৰ চলোৱাৰ পাচত ত্ৰিপুৰাৰ আগৰতলাতো নির্বাচনী প্ৰচাৰ সভাত ভাষণ দিছে । কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে মণিপুৰত আৰু জে পি নাড্ডাই ইতিমধ্যে অৰুণাচল প্রদেশত নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে । ৰাজনাথ সিঙে অসমত নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পাচত বিজেপিৰ কেইবাগৰাকী শীর্ষ নেতা উত্তৰ-পূৰ্বাঞ্চললৈ আহিব । বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে দ্বিতীয় পৰ্যায়ৰ নেতায়ো উত্তৰ-পূৰ্বাঞ্চলত নির্বাচনী প্ৰচাৰ চলাই ২২-২৩ খন আসন এন ডি এৰ দখললৈ নিবলৈ চেষ্টা কৰিছে, যাতে আন ৰাজ্যত হোৱা ক্ষতি উত্তৰ-পূৰ্বাঞ্চলৰ জৰিয়তে পূৰাব পৰা যায় ।

লগতে পঢ়ক: সাধাৰণ জনতাক পণবন্দী কৰি মহানগৰীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব' - Lok Sabha Election 2024

Last Updated : April 18, 2024 at 2:22 PM IST