খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ জাকে উপদ্ৰৱ চলালে শিলঘাটত

By

Published : May 8, 2022, 11:12 AM IST

Updated : May 8, 2022, 11:17 AM IST

thumbnail

কলিয়াবৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ(Wild elephant attack in kaliabor) ৷ শনিবাৰে নিশা শিলঘাটৰ ২ নং বিহডুবিত বন্যহস্তীয়ে চলায় উপদ্ৰৱ ৷ জানিব পৰা মতে, তিনিটাকৈ বন্যহস্তীয়ে গাঁৱখনত প্ৰৱেশ কৰি ক্ষতিসাধন কৰে দুটাকৈ পৰিয়ালৰ বাসগৃহ ৷ অবিৰ ৰাজভৰ নামৰ এজন লোকৰ বাসগৃহৰ ক্ষতিসাধন কৰাৰ লগতে ভঁৰালঘৰ ভাঙি শতাধিক ৰঙালাও খাই তহিলং কৰে বন্যহস্তীৰ জাকটোৱে ৷ আনহাতে, ৰামলাল মুখীয়া নামৰ লোকজনৰ বাসগৃহৰো ক্ষতিসাধন কৰে বন্যহস্তীয়ে ৷ বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে গাঁৱখনৰ তিনিজনকৈ লোকৰ ৷ স্থানীয় লোকে সদৰি কৰা অনুসৰি, খাদ্যৰ সন্ধানত শিলঘাট বনখণ্ডৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল বন্যহস্তীৰ দলটো ৷

Last Updated : May 8, 2022, 11:17 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.