Tiger Terror: কলিয়াবৰত প্ৰকাণ্ড ঢেকীয়াপটীয়াৰ তাণ্ডৱ

By

Published : Jul 21, 2022, 10:53 AM IST

thumbnail

বিগত কেইবাদিনো ধৰি কলিয়াবৰত বিৰাজ কৰিছে বাঘৰ আতংকই । এটা বাঘৰ মুক্ত বিচৰণে ত্ৰাসৰ সৃষ্টি কৰিছে বিস্তীৰ্ণ অঞ্চলত(Tiger free roaming in Koliabar) । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা খাদ‍্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড ঢেকিয়াপটীয়া বাঘে অঞ্চলটোত বিচৰণ কৰি গঞাৰ কেইবাটাও গো-ধন খাই ত্ৰাসৰ সৃষ্টি কৰিছে(Tiger kills cow in Koliabar) । দিন-দুপৰতে বাঘে বিচৰণ কৰে অঞ্চলটোত । মানুহৰ ঘৰৰ কাষৰ হাবিতে বাঘ বিচৰণ কৰাত এতিয়া অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে । বাঘটোক কাজিৰঙালৈ খেদি পঠিওৱা ব‍্যৱস্থা কৰিবলৈ বন বিভাগক আহ্বান জনাইছে অঞ্চলবাসীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.