খহনীয়াৰ তাণ্ডৱত আতংকিত নৈপৰীয়া ৰাইজ

By

Published : Aug 19, 2022, 4:15 PM IST

Updated : Aug 19, 2022, 8:46 PM IST

thumbnail

বানৰ পিছত এইবাৰ খহনীয়াৰ তাণ্ডৱ (Erosion at kalgachia)। চপৰা-চপৰে খহিছে বেঁকী নৈৰ গৰা। আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । বিগত এটা মাহত বৰপেটা জিলাত বেঁকী নৈৰ খহনীয়াত উটি গ’ল সোনাপুৰ গাঁৱৰ প্ৰায় ৩০ টা পৰিয়ালৰ বাসগৃহৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী অধ্যায়নৰত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ বলাইপথাৰ প্ৰাথমিক বিদ্যালয়খন (Beki River Erosion) ৷ যোৱা বছৰ বলাইপাথাৰ গাঁৱত ব্যাপক গৰাখহনীয়া হোৱাৰ ফলত বেঁকী নৈৰ নতুন সূঁতি ওলাই খাৰবাল্লী, আমগুৰি, সুতিৰপাথাৰ আৰু কৰাৰকুৰ ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ ব্যাপক ক্ষতি সাধন হৈছিল। সেই সময়ত বৰপেটা জিলাৰ উপায়ুক্তগৰাকীয়ে বলাইপাথাৰৰ খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰি খৰালি কালত খহনীয়া প্ৰতিৰোধৰ কাম কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও খৰালি কালত কোনো কাম নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ সেয়েহে, অনতি পলমে গৰাখহনীয়া প্ৰতিৰোধ কৰা আৰু বিদ্যালয়খন পুনঃস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে খহনীয়াত জাহ যোৱা ভূক্তভোগী পৰিয়ালসমূহক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কতৃপক্ষৰ ওচৰত দাবী জনায় স্থানীয় ৰাইজে (Public demanding erosion prevention at kalgachia)।

Last Updated : Aug 19, 2022, 8:46 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.