গোৱালপাৰাত গ্ৰেপ্তাৰ মুফটি হাফিজুৰ ৰহমান

By

Published : Aug 26, 2022, 10:37 PM IST

thumbnail

জেহাদীৰ ঘাটিত পৰিণত হৈছে গোৱালপাৰা(Jihadi Arrested in Goalpara) । শুকুৰবাৰে পুনৰ গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আন এটা জেহাদী । এক সপ্তাহ পূৰ্বে গ্ৰেপ্তাৰ কৰা জালালউদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে দুদিন পূৰ্বে আটক কৰিছিল মুফটি হাফিজুৰ ৰহমান নামৰ জেহাদীটোক । হাফিজুৰে আৰক্ষীৰ আগত আল-কায়দাৰ লগত সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰে ৷ হাফিজুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি গোৱালপাৰা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি গোৱালপাৰা জিলা আদালতত হাজিৰ কৰায় । আৰক্ষীয়ে হাফিজুৰক ১৪ জিম্মাত বিচাৰে যদিও ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে জিলা আদালতে । আনহাতে বৃহস্পতিবাৰে জেহাদী সম্পৰ্কত গ্ৰেপ্তাৰ হোৱা আব্দুছ চৌহানকো আৰক্ষীয়ে অধিক সোধপোছৰ বাবে ৫ দিনৰ জিম্মাত লয় । ইয়াৰ লগতে গোৱালপাৰা আৰক্ষীয়ে এটা সপ্তাহতে বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছে চাৰিটাকৈ জেহাদী(Jihadi in Aassam) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.