Minor raped in Diphu: নাবালিকাক ধৰ্ষণৰ অভিযোগত এজনক আটক

By

Published : May 27, 2022, 10:55 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে এটাৰ পিছত আনটো নাৰী নিৰ্যাতন তথা ধৰ্ষণৰ ঘটনা ৷ শুকুৰবাৰে তেনে এক জঘন্য ঘটনা সংঘটিত হ'ল কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ৷ প্ৰাপ্ত খবৰ অনুসৰি , এগৰাকী ছাত্ৰীক দিনৰ প্ৰায় ডেৰমান বজাত ডিফু থানাৰ অন্তৰ্গত সাত মাইলৰ সমীপৰ ছেদেং তেৰাং গাঁৱত বিদ্যালয় ছুটীৰ পিছত নাবালিকা ছাত্ৰীগৰাকী ঘৰলৈ যোৱাৰ সময়ত ওচৰতে কুঁৱাৰ কাম কৰি থকা শ্ৰমিক ইকাবাল হুছেইনে নাবালিকাগৰাকীক অনুসৰণ কৰে ৷ ইয়াৰে সুবিধা লৈ নাবিলাকা ছাত্ৰী গৰাকীক কাষৰ বাঁহনি বাৰীলৈ টানি নি বলপূৰ্বকভাৱে ধৰ্ষণ কৰে(Minor raped in Diphu) ৷ ইয়াৰ পিছতে নাবালিকাগৰাকীৰ চিঞৰ শুনি ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ অভিযুক্ত শ্ৰমিক ইকাবাল হুছেইনক উত্তম-মধ্যম সোধাই আৰক্ষীৰ হাতত গতাই দিয়ে ৷ ইফালে, নাবালিকাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৩৪/২০২২ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.