মেলা দেখুৱাবলৈ নি কিশোৰীক অন্তঃসত্বা কৰিলে বৃদ্ধই

By

Published : Aug 30, 2022, 10:30 PM IST

thumbnail

নগাঁৱৰ পুৰণিগুদামত জঘন্য কাণ্ড ৷ পিতৃসম ব্যক্তিৰ ধৰ্ষণৰ বলি হ’ল কিশোৰী (Minor rape in Puranigudam) । এজন 65 বছৰৰ উৰ্ধৰ ব্যক্তিৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ । মহামৃত্যুঞ্জয় মন্দিৰলৈ নিশা মেলা দেখুওৱাবলৈ নিয়াৰ চলেৰে পথাৰৰ মাজত ৰামেশ্বৰ নামৰ লোকজনে সংঘটিত কৰিছিল দুষ্কাৰ্য (Rape case in Puranigudam) । নিৰ্যাতিতা কিশোৰী গৰাকী বৰ্তমান পাচঁমহীয়া অন্তঃসত্বা (Minor girl become pregnant after rape) । পৰিয়ালৰ লোকৰ এজাহাৰ ভিত্তিত পুৰণিগুদাম আৰক্ষীয়ে কৰায়ত্ব কৰে অভিযুক্ত ৰামেশ্বৰক । পিতৃ-মাতৃ দৃষ্টিহীন হোৱাৰ সুযোগ গ্ৰহণ কৰি বহুবাৰ কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল বুলি জানিবলৈ দিছে ভুক্তভোগী গৰাকীয়ে ৷ মুখত সোপা দি পিতৃ-মাতৃৰ উপস্থিতিতেই অভিযুক্তই সংঘটিত কৰিছিল নাৰকীয় কাণ্ড ৷ অভিযুক্তৰ উপযুক্ত শাস্তি দাবী কৰিছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.