লাভলীনাৰ বিজয়ত উৎফুল্লিত মৰাণবাসী

By

Published : Jul 30, 2021, 5:26 PM IST

thumbnail

টকিঅ’ অলিম্পিকত (tokyo olympics) অসম কন্যা লাভলীনা বৰগোঁহাইয়ে (Lovlina Borgohain) ছেমিফাইনেলত( semifinal) প্ৰৱেশ কৰাৰ লগে লগে দেশ তথা ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ ৰাইজs লাভলীনাৰ সফলতাক লৈ আনন্দ-উল্লাস কৰা দেখা গৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে লাভলীনাক লৈ উৎফুল্লিত মৰাণবাসীও (moran) । মৰাণত যুৱক সকলে লাভলীনাৰ সফলতাত উৎফুল্লিত হৈ পদপথৰ বাসিন্দাৰ লগতে পথচাৰীক মিঠাই বিলাই আনন্দ কৰা পৰিলক্ষিত হয় । উল্লেখযোগ্য যে, ছেমিফাইনেলত প্ৰৱেশৰ লগে লগেই টকিঅ’ অলিম্পিকত লাভলীনাই ভাৰতৰ বাবে আন এটা পদক নিশ্চিত কৰিছে ৷ 2018 চনৰ মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়ন চীনৰ চেন নিয়েন চিনক শুকুৰবাৰে 4-1 ৰ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই । সম্প্ৰতি সকলোৰে এটাই আশা বিশ্ব জয় কৰক লাভলীনাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.