ভোগদৈ নদীত উদ্ধাৰ শতাধিক সজীৱ গুলী

By

Published : Apr 30, 2022, 10:49 AM IST

thumbnail

যোৰহাটৰ ভোগদৈ নৈত উদ্ধাৰ কেইবাজাঁই সজীৱ গুলী(Live Bullets recovered from Bhogdoi river) ৷ যোৰহাটৰ ৰাজতিয়াৰ সমীপৰ ভোগদৈ নদীত সজীৱ গুলী উদ্ধাৰ হোৱাৰ ঘটনাই স্বাভাৱিকতে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ নৈত গা ধুবলৈ যোৱা স্থানীয় লোকে গুলীখিনিৰ সম্ভেদ লাভ কৰি নদীৰ পানীত বুৰ মাৰি উদ্ধাৰ কৰে কেইবাশতাধিক গুলী ৷ কোনো দুৰ্বৃত্তই বস্তাত ভৰাই গুলীবোৰ পানীত পেলাই দিয়া বুলি সন্দেহ কৰিছে স্থানীয় লোকৰ লগতে আৰক্ষীয়ে ৷ ইয়াৰ বিপৰীতে একাংশৰ মতে, এয়া কোনো উগ্ৰপন্থী সংগঠনৰ গুলী হ’ব পাৰে ৷ উদ্ধাৰ হোৱা গুলীসমূহৰ একাংশ উদ্ধাৰকাৰী লোকে বিক্ৰী কৰা বুলিও জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰম্ভ কৰিছে তদন্ত ৷ কিন্তু হঠাতে ইমানবোৰ সজীৱ গুলী ক’ৰ পৰা, কেনেদৰে আহিবলৈ পালে, তাক লৈ প্ৰশ্ন উদয় হৈছে সাধাৰণ লোকৰ মাজত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.