বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন থলীত মুখ্যমন্ত্ৰী

By

Published : May 2, 2022, 10:21 PM IST

thumbnail

সোমবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ 61 সংখ্যক অধিৱেশন (61st session of Bodo Sahitya Sabha at Tamulpur) ৷ তামুলপুৰৰ গৌজন পথাৰত আৰম্ভ হৈছে এই অধিৱেশন ৷ এই অধিৱেশনৰ কাম-কাজ তদাৰক কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কাম-কাজৰ খতিয়ানৰ লগতে নিৰাপত্তা ব্যৱস্থাৰ তদাৰক কৰে মুখ্যমন্ত্ৰীয়ে (CM Visited Tamulpur) ৷ অধিৱেশনখনৰ আজিৰ দিনটোত বিটিচিৰ মুখ্যকাৰ্যবাহী প্ৰমোদ বড়ো, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে উচ্চ পদস্থ আৰক্ষী বিষয়াসকল উপস্থিত থাকে ৷ এই অধিৱেশনত উপস্থিত থাকি বৰপেটা সত্ৰ ন্যায়াধীশৰ বক্তব্য সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ উল্লেখ্য যে, 4 মে’ত বড়ো সাহিত্য সভাৰ মুকলি সভাত উপস্থিত থাকিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (President Ram Nath Kovind to attend Bodo Sahitya Sabha) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.