মিছামাৰীত পুত্ৰৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ পিতৃ

By

Published : Aug 26, 2022, 8:22 AM IST

thumbnail

শোণিতপুৰ জিলাৰ মিছামাৰীত যোৱা ২৩ আগষ্টত উদ্ধাৰ হৈছিল এটা মৃতদেহ (Misamari murder case)। নিশাৰ ভাগত পৱন কুৰ্মী (৩৫) নামৰ বিবাহিত লোকজনক প্ৰথম অৱস্থাত কোনো অচিনাক্ত লোকে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল মিছামাৰী আৰক্ষীয়ে (Father kills son) । কিন্তু আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিল সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য । পুত্ৰৰ অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি নিশা কুঠাৰেৰে ঘপিয়াই হত্যা কৰাৰ কথা অকপটে স্বীকাৰ কৰে পিতৃ পৰশুৰাম কুৰ্মীয়ে। প্ৰতিদিনেই পুত্ৰই সুৰাপান কৰি ঘৰখনত অত্যাচাৰ চলোৱাৰ অভিযোগ পিতৃৰ ৷ অৱশেষত অত্যাচাৰৰ সীমা চেৰাই জোৱাত এই চৰম সিদ্ধান্ত লয় পিতৃয়ে । অভিযুক্ত পিতৃক মিছামাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.