Deadbody found in Brahmaputra river: দুদিনৰ অন্তত বৰ লুইতৰ পৰা উদ্ধাৰ হ’ল শ্বাহৰুখৰ মৃতদেহ

By

Published : Oct 13, 2022, 6:48 PM IST

thumbnail

অৱশেষত উদ্ধাৰ হ’ল মঙলবাৰে ব্ৰহ্মপুত্ৰত নিখোজ হোৱা শ্বাহৰুখৰ মৃতদেহ ৷ গুৱাহাটী-উত্তৰ গুৱাহাটী নিৰ্মীয়মান দলঙত কৰ্মৰত অৱস্থাত মঙলবাৰে পুৱা প্ৰায় ১০:৪৫ বজাত নৌকাৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰিছিল ২২ বছৰীয়া শ্বাহৰুখ আলী (Bridge Construction worker Falling into Brahmaputra river) ৷ তাৰ পাচতে শ্ৰমিকসকলৰ মাজত সৃষ্টি হৈছিল এক হুলস্থূলীয়া পৰিৱেশৰ ৷ ঘটনা সন্দৰ্ভত খবৰ লাভ কৰিয়েই SDRF আৰু ভৰলুমুখ আৰক্ষীয়ে আৰম্ভ কৰিছিল উদ্ধাৰ অভিযান ৷ যাৰ পৰিপ্ৰেক্ষিতত আজি অৰ্থাৎ বৃহস্পতিবাৰে কালিপুৰত উদ্ধাৰ হয় শ্বাহৰুখৰ মৃতদেহ ৷ উল্লেখ্য যে, SP SINGLA CONSTRUCTION এ নিৰ্মাণ কৰি আছে গুৱাহাটী-উত্তৰ গুৱাহাটী নিৰ্মীয়মান দলংখন (Guwahati-North Guwahati Bridge) । শ্বাহৰুখৰ সৈতে হোৱা এই দুৰ্ঘটনা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত আছে এই দলংখন নিৰ্মাণ কৰা কোম্পানীটোৰ বিষয়াসকল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.