আমগুৰিৰ এটি দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়ালে বিজেপিৰ অ'বিচি মৰ্চাই

By

Published : Jul 20, 2022, 12:52 PM IST

thumbnail

আমগুৰিত বিশেষভাৱে সক্ষম মৃদুল গগৈ আৰু তেওঁৰ পৰিয়ালৰ কাষত ঠিয় দিলে বিজেপিৰ জিলা অ'বিচি মৰ্চাৰ সভাপতি হৰিপ্ৰসন্ন হাজৰিকা(BJP OBC Morcha helps a poor family) ৷ ডিব্ৰুৱাল গাঁৱৰ মৃদুল গগৈৰ পৰিয়ালক দুই বাণ্ডোল টিনপাট দিয়াৰ লগতে জৰাজীৰ্ণ গৃহটি পুনৰ মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে মৰ্চাই ৷ দৰিদ্ৰ পৰিয়ালটো বিগত বহু বছৰ ধৰি জৰাজীৰ্ণ গৃহটোতে বসতি কৰি আহিছে ৷ লগতে ধুমুহাত চাৰিবাৰকৈ বিধ্বস্ত হৈছে বৰাহীবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পৰিয়ালটোৰ বাসগৃহ ৷ আজি পৰ্যন্ত কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে দৰিদ্ৰ পৰিয়াটোৱে । ইফালে, বিজেপিৰ জিলা অ'বিচি মৰ্চাৰ বিষয়ববীয়াসকলে দৰিদ্ৰ পৰিয়ালটোৰ কাষত ঠিয় দি সহায়ৰ আশ্বাস প্ৰদান কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.