ভিক্টৰ দাসক গ্ৰেপ্তাৰক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া

By

Published : Sep 10, 2022, 9:47 AM IST

thumbnail

ভিক্টৰ দাসক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাক গৰিহনা দিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে(Victor Das arrested by Guwahati police ) ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক অখিল গগৈয়ে এটা অভিযোগৰ ভিত্তিত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাটো নাভুত-নাশ্ৰুত কাণ্ড বুলি উল্লেখ কৰে(Akhil Gogoi reaction on Victor Das) ৷ তেওঁ লগতে কয় যে, অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰি চৰকাৰে স্পষ্টভাৱে জনাই দিছে যে অসমত এতিয়া গণতন্ত্ৰ নাই । জীয়াই থকাটোৱে এতিয়া কঠিন কাম । ভিক্টৰ দাসৰ অভিযোগ তদন্তত মিছা প্ৰতিপন্ন হ’লেও তেওঁক গ্ৰেপ্তাৰ কৰাটো বেআইনী বুলি উল্লেখ তেওঁক মুকলি কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷ উল্লেখ্য যে, ভিক্টৰ দাসে অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত(Assam Direct Recruitment 2022) ধনৰ লেনদেন হোৱা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ সঞ্চালক প্ৰধানক উদ্দেশ্যি টুইট কৰিছিল । ইয়াৰ পাছতেই উৰা বাতৰি বিয়পোৱাৰ অভিযোগ কৰি শুকুৰবাৰে দিনজোৰা জেৰাৰ অন্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভিক্টৰ দাসক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.