State level martial arts competition: সোণেৰে উজ্বলিল টীয়কৰ কণমানি অহিৰণ

By

Published : Jul 24, 2022, 1:47 PM IST

thumbnail

সদৌ অসম টাইকোৱানডো সংস্থাৰ অধীনত বঙাইগাঁও জিলা টাইকোৱানডো সংস্থাৰ উদ্যোগত যোৱা ১৭ জুলাইৰ পৰা ২০ জুলাইলৈ বঙাইগাঁও জিলাৰ অভয়াপুৰী মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত হয় "৩৭ সংখ্যক অসম ৰাজ্যিক টাইকোৱানডো প্ৰতিযোগিতা" (37th Assam State Taekwondo Competition)। প্ৰতিযোগিতাখনিত ৩৩ কেজি অনুৰ্ধ শাখাত সোণৰ পদক লাভ কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে টীয়কৰ জগদুৱাৰ কাকতি গাঁৱৰ অঞ্জন শইকীয়া আৰু সংগীতা বৰা শইকীয়াৰ পুত্ৰ অহিৰণ শইকীয়াই(Ahiron Saikia won gold medal at state level martial arts competition) । অহিৰণৰ বয়স মাত্ৰ সাত বছৰ । সৰুৰে পৰা খেলা-ধূলাৰ প্ৰতি ৰাপ দেখি অভিভাৱকে আনুষ্ঠানিক শিক্ষাৰ বাবে কণমানিটিক আমগুৰিৰ এক সমৰ কলা প্ৰশিক্ষণ কেন্দ্ৰত নাম লগাই দিয়ে আৰু তাতে প্ৰশিক্ষণ লৈ অহিৰণে ইতিমধ্যে নিজৰ পাৰদৰ্শিতাৰে এই বয়সতে জিলিকি উঠিছে । অহিৰণৰ এই সফলতাত এতিয়া সমূহ টীয়কবাসী উৎফুল্লিত হৈ পৰিছে আৰু অনাগত দিনবোৰত আৰু আগুৱাই যাবলৈ সকলোৱে আশীৰ্বাদ প্ৰদান কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.