মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মিছা কথা ক'বলৈ বন্ধ কৰক : উপমন্যু হাজৰিকা

By

Published : Sep 15, 2021, 7:55 PM IST

thumbnail

ছিপাঝাৰৰ ৭৭৪২০ বিঘা মাটি বেদখল মুক্ত কৰক, গৰুৰখুটি কৃষি প্ৰকল্পত স্থানীয় লোকক অন্তৰ্ভুক্ত কৰি কৃষি প্ৰকল্প স্থাপন কৰক আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মিছা কথা কবলৈ বন্ধ কৰিবলৈ দাবী জনাইছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই । গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰে উপমন্যু হাজৰিকাই ৷ যোৱা তিনিমাহৰ বিভিন্ন ঘটনাবোৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে লোৱা খিলঞ্জীয়া বিৰোধী স্থিতি সম্পূৰ্ণভাৱে স্পষ্ট হৈছে বুলি উল্লেখ কৰে উপমন্যু হাজৰিকাই । খিলঞ্জীয়াৰ সমৰ্থন ল'বলৈ, ৰাজনৈতিক চমক সৃষ্টি কৰিবলৈ ঢোল-দগৰ বজাই উচ্ছেদ কৰা হ'ব বুলি ঘোষণা কৰি তাৰ পিছত চৰকাৰী পৰ্যায়ত উচ্ছেদ হ'ল বুলি মিছাৰ আশ্ৰয় লোৱা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ তোলে অধিবক্তাগৰাকীয়ে । তেওঁ লগতে কয় যে, ‘‘সেই মিছাক প্ৰশ্ৰয় দিবলৈ গৰুখুটি কৃষি প্ৰকল্প কৰাৰ এখন নাটক ৰচনা কৰিলে স্থানীয় খিলঞ্জীয়া মানুহৰ ভূমি কাঢ়ি লৈ । হিমন্ত বিশ্ব শৰ্মাই অতি সহজে মিছা কথা ক’ব পাৰে আৰু ৰাইজে এই কাৰণে গ্ৰহণ কৰে যে এজন জ্যেষ্ঠ নেতা বিশেষকৈ এজন মুখ্যমন্ত্ৰীয়ে এনেদৰে মিছা কথা ক’ব পাৰে বুলি সাধাৰণ জনতাৰ বাবে অবিশ্বাস্য , সপোনৰো অগোচৰ’’ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.