Fake Gold Seized in Biswanath: নকল সোণৰ সামগ্ৰীকে ধৰি নকল টকা বনোৱা মেচিন জব্দ

By

Published : Dec 6, 2021, 3:22 PM IST

thumbnail

বিশ্বনাথ জিলা আৰক্ষীৰ সফল অভিযান ৷ দেওবাৰে বিয়লি বিহালীৰ কুহিয়াৰবাৰীত চলোৱা এক অভিযানত জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ নকল নোটসহ নকল টকা বনোৱা মেচিন (Fake gold racket busted) ৷ লগতে আৰক্ষীৰ দলটোৱে জব্দ কৰে তিনিটাকৈ নকল সোণৰ দ্বাৰা নিৰ্মিত যিশুখৃষ্টৰ মূৰ্তি ৷ এক গোপন সূত্ৰৰ পম খেদি বিশ্বনাথ জিলাৰ উপ-আৰক্ষী অধীক্ষক (Additional Superintendent of Police of Biswanath) কুলেন্দ্ৰ নাথৰ নেতৃত্বত আৰু ডি এছ পি জয়ন্ত বৰুৱাৰ সহযোগত আৰক্ষী এটা দলে বিহালী কোঁহিয়াৰবাৰীৰ মতিবুৰ ৰহমান নামৰ লোকজনৰ ঘৰত চলোৱা অভিযানত জব্দ কৰে এই সামগ্ৰী সমূহ ৷ ইয়োৰোপৰি বহু আপত্তিজনক নথিপত্ৰও উদ্ধাৰ কৰে আৰক্ষীৰ দলটোৱে ৷ লগতে ৰাছিদা বেগম নামৰ এগৰাকী মহিলা আৰু জাকিৰ হুছেইন নামৰ দুজনক কৰায়ত্ত কৰে আৰক্ষীয়ে (Biswanath Police arrested) ৷ অৱেশ্যে ঘৰৰ মূল গৰাকীজন বৰ্তমানেও পলাতক অৱস্থাত আছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে আটকাধীন লোককেইজনক জেৰা অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.