লংকাত নিচাযুক্ত টেবলেটসহ আৰক্ষীৰ জালত দুই ব্যৱসায়ী

By

Published : Jul 29, 2021, 8:59 PM IST

thumbnail

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচৰে পৰা ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে হোজাই জিলাৰ লংকাত চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযানত জব্দ হয় 144 টা নিচাযুক্ত টেবলেট ৷ হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাৰ নেতৃত্বত লংকা আৰক্ষীৰ এক বৃহৎ দলে চলাইছিল এই অভিযান ৷ লংকা বাইপাছত অৱস্থিত জয়ৰাম নামৰ এখন ধাবাত অভিযান চলাই উক্ত টেবলেটসমূহ জব্দ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে আব্দুল হুছেইন আৰু আব্দুল ৰচিদ নামৰ দুজন ড্ৰাগছ ব্যৱসায়ীকো আটক কৰে ৷ ইয়াৰোপৰি ড্ৰাগছ ব্যৱসায়ীয়ে কামত ব্যৱহাৰ কৰা এখন এল্ট' বাহন আৰু এখন বাইকো জব্দ কৰে লংকা আৰক্ষীয়ে ৷ জব্দকৃত এল্ট' বাহন খনৰ নম্বৰ AS-31-2912 আৰু বাইক খনৰ নম্বৰ হ'ল AS-31-2388 ৷ আটকাধীন লোক দুজনক বৰ্তমান লংকা আৰক্ষী থানাত ৰাখি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.