Money Snatching in Digboi: ৰাজপথৰ পৰা ডকাইটে লুটি নিলে ছয় লাখ টকা

By

Published : Feb 8, 2022, 10:18 PM IST

thumbnail

সোমবাৰে ডিগবৈৰ ৰাজপথতে সংঘটিত হয় এক ডকাইটি কাণ্ড ৷ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত ডিগবৈ মাজমজিয়াত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ সন্মুখতে ডিগবৈ টুপুলা বস্তীৰ নিবাসী নুৰুল হক আৰু পত্নী গুল হাউচ বেগমৰ পৰা দুজন ডকাইতে লুটি নিয়ে নগদ 6 লাখ টকা (Huge amount of money Snatching in Digboi) ৷ ঘটনা অনুসৰি, ডিগবৈ ষ্টেট বেংকৰ পৰা এই দম্পতীয়ে ঘৰুৱা কামৰ বাবে টকা উলিয়াই আনিছিল ৷ তেনে সময়তে দুজন ডকাইতে গুল হাউচ বেগমে কান্ধত কঢ়িয়াই অনা টকাৰ বেগটো আজোৰি লৈ পলায়ন কৰে ৷ আনকি টনা আজোৰা কৰাৰ ফলত গুল হাউচ বেগমে পৰি আঘাতপ্ৰাপ্তও হয় ৷ ইফালে টকা বেগসহ ডিগবৈৰ পৰা তিনিচুকীয়া অভিমুখে পলায়ন কৰে মটৰ চাইকেলত যোৱা দুই ডকাইতে ৷ উল্লেখ্য যে, 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ডিগবৈ ষ্টেট বেংকৰ সন্মুখতে সংঘটিত হৈছিল এই ডকাইটি কাণ্ড ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.