ৰঙিয়া নগৰৰ মিল ৰোডত সাৰ্বজনীন দুৰ্গা পূজাৰ প্ৰস্তুতি

By

Published : Oct 9, 2021, 11:46 AM IST

thumbnail

৭২ বছৰ অতিক্ৰম কৰিলে ৰঙিয়া নগৰৰ মিল ৰোডস্থিত সাৰ্বজনীন দুৰ্গা পূজাই । প্ৰত্যেক বছৰে কেইবা সহস্ৰাধিক লোকৰ সমাগম হয় এই পূজাস্থলীত । ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ পূজাস্থলীত বান্ধি দিয়া হৈছে বহু নীতি-নিৰ্দেশনা । পুৰোহিতৰ লগতে মণ্ডপস্থলীত উপস্থিত থকা কমিটিৰ লোকসকলে ক’ভিড প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰাৰ পাছতহে পূজাস্থলীত অংশগ্ৰহণ কৰিব পাৰিব । তদুপৰি ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ স্থানীয় লোকৰ ঘৰে ঘৰে গৈ ভোগ বিতৰণ কৰিব কমিটিৰ সদস্যসকলে । মণ্ডপৰ ভিতৰত এবাৰত ২০ গৰাকী লোককহে প্ৰৱেশ কৰিব দিব কমিটিয়ে । এখন দুৱাৰেদি প্ৰৱেশ কৰি আন এখন দুৱাৰেৰে বাহিৰত আহিব লাগিব ভক্তসকল । প্ৰৱেশ দুৱাৰৰ সন্মুখত সকলোৱে হাত ছেনিটাইজ কৰি প্ৰৱেশ কৰাৰ লগতে ভক্তসকলে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব মানি চলিব লাগিব । যদি কোনো লোকে ক’ভিড প্ৰ’টকল ভংগ কৰে তেন্তে মণ্ডপৰ ভিতৰত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিব কমিটিয়ে । ক'ৰণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সমিতিখনে ৰাইজকো সম্পূৰ্ণ চৰকাৰী নীতি-নিৰ্দেশনা মতে দুৰ্গা পূজা পালন কৰিবলৈ আহ্বান জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.