বটদ্ৰৱাত আবতৰীয়া দীপাৱলী

By

Published : Feb 25, 2021, 6:43 AM IST

thumbnail

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অসম আগমনৰ প্ৰাক মুহুৰ্তত হেজাৰ হেজাৰ বন্তিৰ পোহৰত উজ্জ্বলি উঠিল গুৰুজনাৰ পবিত্ৰ ভূমি বটদ্ৰৱা । বৃহস্পতিবাৰে বটদ্ৰৱাৰ সৌন্দৰ্য বৰ্ধন আৰু উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ৷ অমিত শ্বাহৰ আগমনৰ প্ৰাক মুহুৰ্তত বুধবাৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ নেতৃত্বত বটদ্ৰৱা থানৰ ভকত-বৈষ্ণৱৰ লগতে সত্ৰবাসীয়ে মিলি হেজাৰ হেজাৰ মিঠা তেলৰ চাকি জ্বলাই আলোকময় কৰি তোলে সমগ্ৰ বটদ্ৰৱা থান ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে শেষ নিশা অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহ ৷ যাৰ বাবে বৰ্তমান ব্যস্ততাৰ অন্ত নাই বটদ্ৰৱাবাসীৰ মাজত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.