মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন

By

Published : Aug 31, 2021, 9:38 AM IST

thumbnail

বিলাসীপাৰাৰ মাৰোৱাৰী যুৱ মঞ্চ(Marwari Yuva Manch)ৰ উদ্যোগত দেওবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস(National Sports Day) পালন কৰা হয় । ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি মাৰোৱাৰী যুৱ মঞ্চৰ বিলাসীপাৰা শাখাই চাইক্ল’থ’ন কাৰ্যসূচী অনুষ্ঠিত কৰে । বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানীয়ে উক্ত অনুষ্ঠানৰ উদ্বোধন কৰি কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই ৰেলীটো বিলাসীপাৰা চহৰৰ গান্ধী চ'কৰ পৰা বেলতলী চাৰিআলি হৈ পুনৰ বিলাসীপাৰা চহৰৰ গান্ধী চ'কলৈ উভতি আহে । মহকুমাধিপতি জয় শিৱানীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনায় আৰু ইচ্ছানুযায়ী কোনো এটা ক্ৰীড়াৰ অনুশীলন কৰিবলৈ আহ্বান জনায় । ক্ৰীড়াই ব্যক্তিত্ব বিকাশৰ লগতে শাৰীৰিক আৰু মানসিক বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি ব্যক্ত কৰে মহকুমাধিপতিয়ে । মাৰোৱাৰী যুৱ মঞ্চৰ এনে কাৰ্যসূচীয়ে নিশ্চিতভাৱে বিলাসীপাৰাৰ যুৱক-যুৱতী আৰু নৱপ্ৰজন্মক ক্ৰীড়াৰ মূল্য আৰু সু-স্বাস্থ্যৰ সচেতনতা বৃদ্ধিৰ প্ৰতি অপৰিসীম অৰিহণা যোগাব বুলি আশা কৰা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.